ETV Bharat / state

ডিমা হাছাও জিলাত একলব্য মডেল আবাসীক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই ডিমা হাছাও জিলাত বৃহস্পতিবাৰে একলব্য মডেল আবাসীক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকক সম্বোধন কৰি কয়, প্ৰধানমন্ত্ৰী জন বিকাশ আঁচনিৰ অধীনত 33 কোটি 42 লাখ টকাৰ ব্যয় সাপেক্ষে এই একলব্য মডেল আবাসীক বিদ্যালয় নিৰ্মাণ কৰা হব।

foundation-stone-of-ekolobya-model-residential-school-in-dima-hasao-distr
ডিমা হাছাও জিলাত একলব্য মডেল আবাসীক বিদ্যালয়ৰ আধাৰশিলা স্থাপন
author img

By

Published : Jan 7, 2021, 8:06 PM IST

ডিমা হাছাও, 7 জানুৱাৰী : ডিমা হাছাও জিলাত বৃহস্পতিবাৰে ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই একলব্য মডেল আবাসীক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ মাহুৰৰ বিধায়ক বীৰভদ্ৰ হাগজাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা আৰু ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাৰ উপস্থিতিত মন্ত্ৰী ৰঞ্জিত দত্তই একলব্য মডেল আবাসীক বিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰে ৷

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ পিচতেই ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকক সম্বোধন কৰি কয়, প্ৰধানমন্ত্ৰী জন বিকাশ আঁচনিৰ অধীনত 33 কোটি 42 লাখ টকাৰ ব্যয় সাপেক্ষে এই একলব্য মডেল আবাসীক বিদ্যালয় নিৰ্মাণ কৰা হব। এই বিদ্যালয়ত প্ৰায় চাৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীৰ পাণ্ডুত আলফা স্বাধীনৰ লিংকমেন আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.