ডিমা হাছাও,30 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবে বাতিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ পৰিষদৰ সচিবালয়ৰ মুখ্য কাৰ্যবাহী সদস্যৰ আলোচনা গৃহত অনুষ্ঠিত সংবাদমেলখন সম্বোধন কৰি গাৰ্লোচাই ডিমা হাছাওৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য-সংস্কৃতি ৰক্ষাৰ বাবে ষষ্ঠ অনুসূচীৰ অধীনত পৰিষদ গঠন কৰাৰ কথা ব্যক্ত কৰে ৷ 1952 চনত পৰিষদ গঠনৰ পিছত পাহাৰীয়া জিলাখনৰ উন্নয়নৰ গতি কিছু শিথিল হৈছিল যদিও শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ অহাৰ পিছত উন্নয়নৰ গতি ক্ৰমাৎ দ্ৰুত হোৱা বুলি প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
লগতে চাওকঃ পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ