ETV Bharat / state

War Against Drugs: যোৱা দুদিনত ডিমা হাছাওত ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Jun 19, 2023, 7:09 PM IST

যোৱা দুদিনত ডিমা হাছাও জিলাত পৃথক পৃথক দুটা অভিযান চলাই ডিমা হাছাও আৰক্ষীয়ে ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ কৰে।

Five youths arrested with drugs in Dima Hasao
ডিমা হাছাওত ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ

হাফলং, 19 জুন: ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীয়ে সমগ্ৰ জিলাত অভিযান তীব্ৰ কৰি তুলিছে। এইবাৰ ডিমা হাছাও জিলাত পৃথক পৃথক দুটা অভিযান চলাই ডিমা হাছাও আৰক্ষীয়ে ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ কৰে।

শনিবাৰে নিশা হাফলং চহৰৰ ওচৰতে থকা দিবাৰাই গাঁৱৰ পথৰ পৰা ড্ৰাগছ সহ দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ উপৰি দেওবাৰে আৰু এখন পৃথক অভিযান চলাই বৰ হাফলঙৰ পৰা ড্ৰাগছ সহ তিনি যুৱকক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে।

সোমবাৰে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে জানিবলৈ দিয়া অনুসৰি, শনিবাৰ নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এক অভিযান চলাই হাফলং চহৰৰ ওচৰতে থকা দিবাৰাই গাঁৱৰ পথৰ পৰা আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দুই যুৱকৰ পৰা 8.41 গ্ৰাম হেৰোইন জব্দ কৰে। ধৃত দুই যুৱক হৈছে মুনজাং লাংথাচা আৰু ৰোহিত হাগজেৰ।

এই দুই যুৱকৰ বিৰুদ্ধে হাফলং সদৰ থানাত 49/23 নম্বৰৰ এখন গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।

তাৰ পিচতে দেওবাৰে ডিমা হাছাও আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৰ হাফলঙত পৃথক এক অভিযান চলাই তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে 1328 গ্ৰাম হেৰ‘ইন জব্দ কৰাৰ লগতে 92.97 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। ধৃত তিনি যুৱক হৈছে সুৰজিত দেৱ মাৰ্চেল সূচিয়াং দাওলাগাপু আৰু ইলিয়ান পেট্ৰিক নৃয়ামে। এই তিনি যুৱকৰ বিৰুদ্ধে হাফলং সদৰ থানাত এক গোচৰ ৰুজু কৰি সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়।

আদালতে পাঁচ যুৱকৰ জেল হাজতলৈ প্ৰেৰণ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে কয় ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ যুজঁ অব্যাহত আছে। পাহাৰীয়া জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

ইয়াৰোপৰি ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰৰ নেতৃত্বত জিলাৰ বিভিন্ন বিদ্যালয় কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজতে ড্ৰাগছৰ কুপ্ৰভাৱক লৈ সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ডিমা হাছাও আৰক্ষীয়ে ৷

লগতে পঢ়ক: Barmese supari seized : বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.