ETV Bharat / state

Suspected APLA cadre arrested: ডিমা হাছাওত পাঁচ সন্দেহযুক্ত আপলা সদস্য গ্ৰেপ্তাৰ - Militancy in Assam

ডিমা হাছাওত ডিএনএলএৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ পাচতেই অসমত জনগোষ্ঠীয় উগ্ৰবাদৰ অন্ত পৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল ৷ তাৰ মাজতেই জিলাখনত পাঁচজনকৈ সন্দেহযুক্ত আপলা কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তাৎপৰ্য বহন কৰিছে (Suspected APLA cadre arrested) ৷

assam apla news
apla news
author img

By

Published : May 1, 2023, 1:21 AM IST

হাফলং, 1 মে’: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাত এইবাৰ সন্দেহযুক্ত আদিবাসী পিপুল লিবাৰেচন আৰ্মিৰ 5 গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ লগতে চুক্তি সম্পাদিত হোৱাৰ পিচতে এইবাৰ অসমৰ পাহাৰীয়া জিলাখনত আদিবাসী পিপুল লিবাৰেচন আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে ডিমা হাছাও আৰক্ষী (APLA militant in Dima Hassao) ।

ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবাঙৰ পৰা দুগৰাকী আৰু হাৰেংগাজাওৰ পৰা 3 গৰাকী আদিবাসী পিপলচ লিবাৰেচন আৰ্মিৰ সন্দেহযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে । গোপন সূত্ৰৰ পমখেদি যোৱা 25 এপ্ৰিলত ডিমা হাছাও জিলাৰ মাইবাঙত এক অভিযান চলাই আদিবাসী পিপুল লিবাৰেচন আৰ্মিৰ সন্দেহযুক্ত দুই সদস্য বিমল খোল আৰু কৰণ লোহাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (APLA cadre arrested in Dima Hassao) ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মাইবাঙৰ পৰা গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্য মাইবাং চহৰৰ বাসিন্দা । ইপিনে মাইবাঙৰ পৰা গ্ৰেপ্তাৰ হোৱা আদিবাসী পিপলচ লিবাৰেচন আৰ্মিৰ দুই সদস্যক আৰক্ষীয়ে জেৰা চলাই তেওঁলোকৰ স্বীৰোক্তিৰ ভিত্তিত ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ পৰা আন তিনি গৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Militancy in Assam)।

হাৰেংগাজাওৰ পৰা গ্ৰেপ্তাৰ হোৱা আদিবাসী পিপলচ লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনৰ তিনি সদস্য যথাক্ৰমে নিপেচ ৰিকীয়াচন, জয়দীপ ভূমিজ আৰু বিজু কৰ্মকাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (DNLA MoU sign) ।

আনহাতে, ডিমা হাছাও আৰক্ষীয়ে এই সন্দৰ্ভত মাইবাং আৰক্ষী থানাত 11/23 নম্বৰ গোচৰ ৰুজু কৰে । বৰ্তমান সন্দেহযুক্ত 5 গৰাকী আদিবাসী পিপুল লিবাৰেচন আৰ্মিৰ সদস্য আৰক্ষীৰ জিম্মাত আছে । ইপিনে আৰক্ষীয়ে জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ হোৱা বিমল খোল হৈছে মাইবাং নগৰ সমিতিৰ গাড়ীৰ চালক হিচাবে কৰ্মৰত আৰু তেওঁ আদিবাসী পিপল লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনত সদস্য ভৰ্তিৰ কামত নিয়োজিত আছিল (APLA militant arrested) ৷

ইয়াৰ লগতে তেওঁ ডিমা হাছাও জিলাত জনজাতীয় সম্প্ৰদায়ৰ যুৱকসকলক উগ্ৰপন্থী সংগঠনত যোগদানৰ বাবে উৎসাহিত কৰি আহিছিল । ইপিনে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে আদিবাসী পিপল লিবাৰেচন আৰ্মিৰ কেম্প ডিমাপুৰত আছে ।

লগতে পঢ়ক: MoU between DNLA and Govt: ডিএনএলএৰে চুক্তি স্বাক্ষৰৰ পিচতেই অসমত অন্ত পৰিল জনজাতীয় সশস্ত্ৰ আন্দোলনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.