ETV Bharat / state

Dima Hasao fake PRC case : ডিমা হাছাও জিলাত ভয়ংকৰ পিআৰচি জালিয়াতি

author img

By

Published : Jun 9, 2022, 12:15 PM IST

ডিমা হাছাও জিলাত স্থায়ী বাসস্থান প্ৰমাণপত্ৰ চমুকৈ পিআৰচি জালিয়াতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে (Fake PRC case in Dima Hasao)। যাৰবাবে এতিয়া সকলো লোকৰে পিআৰচি পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে ৰাজহ বিভাগে । ৯ জুলাইৰ ভিতৰত জিলাখনৰ সকলো লোকে ৰাজহ বিভাগত তেওঁলোকৰ পিআৰচি জমা দিব লাগিব ।

Dima Hasao fake PRC case
ডিমা হাছাও জিলাত ভয়ংকৰ পিআৰচি জালিয়াতি

ডিমা হাছাও, ৯ জুন : ডিমা হাছাওত স্থায়ী বাসস্থান প্ৰমাণপত্ৰ চমুকৈ পিআৰচিৰ জালিয়াতিৰ ঘটনা সংঘটিত হৈছে (Fake PRC case in Dima Hasao) । একাংশ দুষ্টচক্ৰই জিলাখনত নকল পিআৰচিৰে ভয়ংকৰ জাল পেলাইছে (Miscreants issue fake PRC in Dima Hasao)। এই তথ্য পোহৰলৈ অহাৰ পাছতে ডিমা হাছাও জিলা প্ৰশাসন সষ্টম হৈ পৰিছে । যাৰবাবে সকলো লোকৰে পিআৰচি পৰীক্ষা কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগে (PRC will be checked in Dima Hasao)। সংবাদমেলযোগে এই কথা ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ সচিব দেৱানন দাওলাগাপুয়ে ।

তেওঁ জানিবলৈ দিয়া মতে লালনোইপুই পাৰাতে আৰু লালৰামছুই পাৰাতে নামৰ দুগৰাকী ব্যক্তিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ পৰা পিআৰচি বনাই দিয়াৰ বাবে এলবাৰ্ট লালনেইচাঙ নামৰ এগৰাকী ব্যক্তিক দায়িত্ব দিছিল । কিন্তু পিআৰচিখন লালনোইপুই পাৰাতেৰ হাতত পৰাৰ লগে লগে এয়া নকল যেন তেওঁৰ সন্দেহ । লগে লগে তেওঁ পিআৰচিখন পৰীক্ষাৰ বাবে পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগত জমা দিয়ে ।

ৰাজহ বিভাগে পিআৰচিখন পৰীক্ষা কৰাৰ পিছতে ৰহস্য ফাদিল হয় । ৰাজহ বিভাগে জনোৱা মতে পিআৰচিখন নকল আৰু সেই পিআৰচি উত্তৰ কাছাৰ ৰাজহ বিভাগৰ পৰা যোগান ধৰা হোৱা নাই । বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজহ বিভাগে সেয়েহে সকলো পিআৰচি পৰীক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Revenue department to check PRC in Dima Hasao)।

ইতিমধ্যে বুধবাৰে এই সন্দৰ্ভত ৰাজহ বিভাগৰ সচিব দেৱানন দাওলাগাপুয়ে এখন নিৰ্দেশ জাৰি কৰে ৷ তেওঁ এমাহৰ ভিতৰত পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগৰ পৰা জাৰী কৰা পিআৰচি যি সকলৰ হাতত আছে এই পিআৰচি পৰীক্ষাৰ বাবে পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগত জমা দিবলৈ আহ্বান জনায় । লগতে তেওঁলোকে জমা দিব লাগিব ভূমিৰ পট্টা, চহৰ আৰু জিলাখনৰ ৰাজহ গাঁওসমূহৰ বাবে খানছুমাৰীৰ তালিকা আৰু ১৯৭০-৭১ চনৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটাৰ তালিকা ।

আনহাতে অ-উপজাতি জনগোষ্ঠীৰ (non-tribal population) লোকসকলেও যি সকলৰ পিআৰচি আছে তেওঁলোকে দিব লাগিব পাৰ্বত্য পৰিষদৰ ৰাজহ বিভাগৰ পৰা পিআৰচি জাৰী কৰাৰ ১২ বছৰ আগৰ ভূমিৰ পট্টা । ৯ জুলাইৰ ভিতৰত যদি কোনো ব্যক্তিয়ে পিআৰচি পৰীক্ষাৰ বাবে ৰাজহ বিভাগত জমা নিদিয়ে তেনেহ'লে তেওঁলোকৰ পিআৰচি বাতিল কৰা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে দেৱানন দাওলাগাপুয়ে ।

লগতে পঢ়ক :Lucknow murder case: PUB-G খেলিবলৈ নিদিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.