ETV Bharat / state

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ - Ex MLA Samarjit haflongbar latest news

উল্লেখ্য যে, 2007 চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তদানীন্তন চি ই এম পূৰনেন্দু লাংথচা আৰু ইএম নিন্দু লাংথচা হত্যাৰ গোচৰত আৰক্ষীয়ে পাৰ্বত্য পৰিষদৰ বৰ্তমান চি ই এম দেৱলাল গাৰ্লচাৰ লগতে 5 জন লোকৰ বিৰুদ্ধে আদালতত চার্জচিট দাখিল কৰিছিল ৷

CEM Debolal gorlosa
প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ
author img

By

Published : Jul 9, 2020, 2:06 PM IST

ডিমা হাছাও, 9 জুলাই: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ হৈ উঠিছে প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ। "হত্যাৰ গোচৰত অভিযুক্ত এজন ব্যক্তি কোনো অৱস্থাতে সংবিধানক পদত থাকিব নোৱাৰে" বুলি বৃহস্পতিবাৰে দেৱলাল গাৰ্লচা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে ৷

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ

পুৰণেন্দু নিন্দু লাংথচাৰ হত্যাৰ গোচৰত আৰক্ষীয়ে দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে চার্জচিট দাখিল কৰাৰ পাছত কংগ্ৰেছ আৰু বিজেপি দলে যি ধৰণে ভাষাৰ প্ৰয়োগ কৰিছে সেয়া ভৱিষ্যতৰ কাৰণে ভাল নহয় বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে 121/121(এ) আইপিসিৰ অধীনত গোচৰ ৰুজু হৈছে ৷ আইপিসিৰ এই ধাৰাৰ অৰ্থ দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মানে দেশদ্ৰোহী বুলিও মন্তব্য কৰে সমৰজিত হাফলংবাৰে ।

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মহিলা

দেশদ্ৰোহীতা আৰু সংবিধান বিৰোধী কামত লিপ্ত থকা এজন ব্যক্তিক চি ই এম পদৰ পৰা অপসাৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও সংবাদ মেলত মন্তব্য কৰে সমৰজিত হাফলংবাৰে । ইয়াৰোপৰি, ষষ্ঠ অনুসূচীৰ নিয়ম অনুসৰি পাৰ্বত্য পৰিসদৰ চি ই এম পদৰ বাবে নিৰ্বাচন হয় ৷ নিৰ্বাচনৰ জৰিয়তে দেৱলাল গাৰ্লচাক চি ই এম পদত নিযুক্তি দিছিল অসমৰ ৰাজ্যপালে ৷ গতিকে ৰাজ্যপালে হত্যা আৰু অপৰাধীৰ গোচৰত অভিযুক্ত চি ই এমৰ নিয়োগ বাতিল কৰি নতুন চি ই এম নিযুক্তি দিয়া উচিত বুলি সমৰজিত হাফলংবাৰে মন্তব্য কৰে ৷

উল্লেখ্য যে, 2007 চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তদানীন্তন চি ই এম পূৰনেন্দু লাংথচা আৰু ইএম নিন্দু লাংথচা হত্যাৰ গোচৰত আৰক্ষীয়ে পাৰ্বত্য পৰিষদৰ বৰ্তমান চি ই এম দেৱলাল গাৰ্লচাৰ লগতে 5 জন লোকৰ বিৰুদ্ধে আদালতত চার্জচিট দাখিল কৰিছিল ৷

লগতে পঢ়ক : বাঘজান দুৰ্ঘটনাত মৃত্যু হোৱা দুই কৰ্মচাৰীৰ পৰিয়ালক অইলত চাকৰি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.