ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক

author img

By

Published : Nov 6, 2020, 8:48 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাফলঙৰ বজাৰত প্ৰতিবিধ শাক-পাচলিৰ মূল্য এতিয়া 50 টকাৰ ওপৰত। শাসনাধীন বিজেপি চৰকাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি শাক-পাচলিৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ ফলত এতিয়া সাধাৰণ জনতা বিপাঙত পৰিছে।

essential food price hike at market
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক

ডিমা হাছাও, 6 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক। শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত জীয়াতু ভূগিব লগীয়া হৈছে সাধাৰণ জনতাই ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাফলঙৰ বজাৰত প্ৰতিবিধ শাক-পাচলিৰ মূল্য এতিয়া 50 টকাৰ ওপৰত। শাসনাধীন বিজেপি চৰকাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি শাক-পাচলিৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ ফলত এতিয়া সাধাৰণ জনতা বিপাঙত পৰিছে।

উল্লেখযোগ্য যে,হাফলং বজাৰত এতিয়া আলু প্ৰতি কেজি 50 টকা দৰে বিক্ৰী হোৱাৰ বিপৰীতে পিয়াজ প্ৰতি কেজি 100 টকা বিক্ৰী হৈ আছে ৷ একেদৰে জলকীয়া প্ৰতিকেজি 200 টকা, গাজৰ প্ৰতি কেজি 250 টকা, চিম প্ৰতি কেজি 240 টকা, বেঙেনা প্ৰতি কেজি 60 টকা আৰু ফুলকবি প্ৰতি কেজিত 100 টকা দৰে বিক্ৰী হৈছে হাফলং বজাৰত। এক প্ৰকাৰৰ নিয়ন্ত্ৰণ নাইকীয়া হৈ পৰিছে যোগান বিভাগ তথা চৰকাৰৰ ৷

লগতে পঢ়কঃ আকৌ লাওখোৱাত দেখা পাব গঁড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.