ডিমা হাছাও, ৩১ মে': প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ডিমা হাছাও জিলাত এতিয়া খোৱাপানীৰ বাবে হাহাকাৰ । প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ডিমা হাছাও জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত(Landslide and flood effects in Dima Hasao) জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু প্ৰকল্প আৰু জলজীৱন মিছনৰ প্ৰকল্প বিধ্বস্ত হৈ পৰে । যাৰ বাবে এতিয়া সমগ্ৰ পাহাৰীয়া জিলাখনত দেখা দিছে খোৱাপানীৰ সমস্যা(Water supply stopped at Dima Hasao) ৷

যোৱা ১৮ দিনৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে হাফলং চহৰত যোগান ধৰিব পৰা নাই পানী । ভূমিস্খলন আৰু বানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডাঙৰ ডাঙৰ পাইপ লাইন উটুৱাই লৈ গৈছিল । সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছিল পানীৰ উৎসস্থলত থকা পাম্প হাউচ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীসকলে পানী যোগান ব্যৱস্থা সূচল কৰি তোলাৰ লক্ষ্যৰে কাম কৰি আছে যদিও আজিলৈকে হাফলঙত পানী যোগান ব্যৱস্থা সূচল কৰিব পৰা নাই ।

ইতিমধ্যে মাইবং আৰু মাহুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ব্যৱস্থা সূচল কৰি তুলিবলৈ সক্ষম হৈছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰতে হাফলঙত পানী যোগান ব্যৱস্থা সূচল হৈ উঠাৰ সম্ভাৱনা আছে ।