ডিমা হাছাও,6 মে’: ডিমা হাছাও জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । ইতিমধ্যে কৰ'ণাত আক্ৰান্ত হৈ জিলাখনত মৃত্যু হৈছে এজন লোকৰ । বৃহস্পতিবাৰে ডিমা হাছাও জিলাত 33 গৰাকী ব্যক্তি নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে ডিমা হাছাও জিলাত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 253 গৰাকীলৈ বৃদ্ধি হৈছে ।
ইপিনে ডিমা হাছাও জিলাত কৰ'ণাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন । পাহাৰীয়া জিলাখনত নৈশ সান্ধ্য আইন জাৰি থকাৰ সময়তে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
আনহাতে, ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত 253 গৰাকী ৰোগীৰ মাজতে বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ মৃত্যু হয় ৷ তদুপৰি এই পৰ্যন্ত হাস্পতালখনত সুস্থ হৈ উঠিছে 80 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী । বৰ্তমানে হাফলং অসামৰিক চিকিৎসালয়ত 31 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ বিপৰীতে 3 গৰাকী ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, হোম আইচ’লেচনত ৰখা হৈছে 138 গৰাকী ৰোগীক ।
লগতে পঢ়ক: ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা