ETV Bharat / state

ডিমা হাছও স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ যুতীয়া সঞ্চালিকাৰ সংবাদ মেল সম্বোধন - no corona patient in Dima hasau

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত জিলাখনত প্ৰায়খিনি যাৱতীয় ব্যৱস্থা কৰি ৰখা হৈছে ৷

ডঃ দিপালি বৰ্মন
ডঃ দিপালি বৰ্মন
author img

By

Published : Apr 13, 2020, 4:57 PM IST

ডিমা হাছাও, 13 এপ্ৰিল : ডিমা হাছাও জিলাত এই পৰ্যন্ত এটাও COVID 19 ত আক্ৰান্ত ৰোগী নাই , এই কথা সোমাবাৰে এখন সংবাদমেলৰ জৰিয়তে সদৰি কৰে জিলাখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুতীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনে। জিলাখনৰ অন্তৰ্গত হাই ৰিস্কত থকা 6 গৰাকী ব্যক্তিক ইতিমধ্যে হাফলং শিক্ষা ভৱনৰ আছুতীয়া কক্ষত ৰাখি স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি জনাই সঞ্চালিকাগৰাকীয়ে ।

ডঃ দিপালি বৰ্মন

সংশয়ত থকা 6 গৰাকী ব্যক্তিৰ নমুনা ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত জিলাখনত প্ৰায়খিনি যাৱতীয় ব্যৱস্থা কৰি ৰখা হৈছে ৷ হাফলং অসামৰিক চিকিৎসালয়ত 24 বিছনাযুক্ত আইচ'লেচন ৱাৰ্ড খোলাৰ লগতে 5 টা আই চি ইউ নিৰ্মাণৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুতীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.