ETV Bharat / state

ডিমা হাছাওত তৃতীয় পৰ্যায়ৰ লক্ ডাউনঃ অনুশাসন ভংগ কৰিলে সন্মুখিন হ'ব কঠোৰ শাস্তিৰ

author img

By

Published : May 6, 2020, 3:09 PM IST

হাফলং চহৰত একাংশ লোকে লক্ ডাউন ভংগ কৰা পৰিলক্ষিত হৈছে ৷ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ সমান্তৰালভাবে চহৰখনত লক্ ডাউন কিছু পৰিমাণে শিথিল কৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ লোকক অনাহকত বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ সকলো লোকক পুনৰবাৰ লক্ ডাউন মানি চলিবলৈ অনুৰোধ জনাইছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

Dima Hasao sp appeals to maintain social distance
মিছাৰ আশ্ৰয় লৈ বাহিৰলৈ ওলাই অহা লোকক সকিয়নী আৰক্ষী অধীক্ষকৰ

ডিমা হাছাও, 6 মে' : তৃতীয় পৰ্যায়ৰ লক্ ডাউন আৰম্ভ হোৱাৰ লগে লগে ডিমা হাছাও জিলাৰ হাফলং চহৰত একাংশ লোকে লক্ ডাউন উলংঘা কৰা পৰিলক্ষিত হৈছে ৷

পাহাৰীয়া জিলাখনত লক্ ডাউন কিছু পৰিমানে শিথিল কৰা হৈছে যদিও তাৰ সুৰুঙা লৈ একাংশ লোকে অনাহকত বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ কিন্তু পুনৰবাৰ সকলো জনসাধাৰণক লক্ ডাউন মানি চলিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈয়ে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে, জিলাখনৰ সকলো জনসাধাৰণে চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব ৷ কোনো লোকে বিনা কাৰণত বাহিৰলৈ ওলাই আহিব নোৱাৰিব ৷

লগতে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ কোনো লোকে আইন অমান্য কৰি বাহিৰলৈ ওলাই আহিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে অধীক্ষক গৰাকীয়ে ৷ ইয়াৰ লগতে যি সমূহ স্থানত প্ৰশাসনে বেছি লোক সমাগম হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে সেই সমূহ স্থানত 5 জনৰ ওপৰত ৰাইজক একত্ৰিত নহ'বলৈ অনুৰোধ জনাইছে অধীক্ষক গৰাকীয়ে ৷

আনহাতে, তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ অন্তত জিলাখনত কি কি পৰ্যায়ত লক্ ডাউন শিথিল কৰা হৈছে সেই সম্পৰ্কেও অৱগত কৰে অধীক্ষক গৰাকীয়ে ৷

লগতে সামাজিক দূৰত্ব মানি সকলো সময়তে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে বিষয়া গৰাকীয়ে ৷ অন্যথা এই নীতি-নিয়ম উলংঘা কৰিলে দুৰ্যোগ মোকবিলা আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলি দাবী জনাই আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈয়ে ।

লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তত হাজাৰ হাজাৰ শ্ৰমিকঃ নাই কোনো সামাজিক দূৰত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.