ডিমা হাছাও 30 মাৰ্চ: ডিমা হাছাও জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত লংকু গাঁৱৰ পৰা অসমৰ বিভিন্ন জিলাৰ 35 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে। লক ডাউনৰ সময়ত কাম কৰিবলৈ বাধ্য কৰিছিল ঠিকাদাৰে। জানিব পৰা অনুসৰি শ্ৰমিক সকল আবদ্ধ হৈ পৰাৰ ফলত বিগত 5 দিন ধৰি খাদ্যৰ অভাৱত ভুুগিবলগীয়া হৈছিল ৷
এই 35 গৰাকী কৰ্মচাৰীৰ ভিতৰত কোবাগৰাকীও শিশু শ্ৰমিক আছিল। এই ঘটনা এজন শ্ৰমিকৰ পৰা জানিব পাৰি ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈৰ নিৰ্দেশত উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণে লগত এটা বিশাল আৰক্ষী বাহিনী লৈ সোমাবাৰ সন্ধিয়া লংকু গাঁৱত অভিযান চলাই শিশু শ্ৰমিকসহ অসমৰ বিভিন্ন প্ৰান্তৰ 35 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰি লৈ আহে উক্ত স্থানৰ পৰা ৷ আনহাতে এই ঘটনাৰ বাবে ডিমা হাচাও আৰক্ষীয়ে ঠিকাদাৰ গৰাকীক গ্ৰেপ্তাৰ কৰে ৷
![ASSAM DIMA HASAO POLICE RECOVER 35 WORKERS FROM LANKU VILLAGE , ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6603591_sgreg.jpg)
উল্লেখ্য যে,ববীয়া নিৰ্মাণ সংস্থা নামৰ প্ৰতিষ্ঠানটোৱে হাফলং আৰক্ষী থানাৰ অন্তৰ্গত লংকু গাঁৱত ওচৰত পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল বুলি আৰক্ষী সূত্ৰই জনায়।
লগতে চাওকঃ মানুহৰ দ্বাৰা, মানুহৰ বাবে....