ETV Bharat / state

এমুঠি অন্নৰ বাবে হাহাকাৰ ডিমা হাচাওবাসীৰ

প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা ডিমা হাছাও জিলাৰ হাৰেংগাজাও অঞ্চলৰ লোক এতিয়া তীব্ৰ খাদ্য সংকটত ভুগিছে (Dima Hasao people are suffering from food crisis) । বিগত 10 দিন ধৰি বহিঃবিশ্বৰে সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে ডিমা হাচাওৰ । ভূমিস্খলন আৰু বানৰ কৱলত পৰি বাটপথ ধ্বংস এই পৰ্যন্ত হাৰেংগাজাওত গৈ উপস্থিত হ'ব পৰা নাই ডিমা হাছাও জিলা প্ৰশাসনৰ লোক ৷

dima-hasao-people-are-suffering-from-food-crisis-due-to-flood
এমুঠি অন্নৰ বাবে হাহাকাৰ ডিমা হাচাওবাসীৰ
author img

By

Published : May 23, 2022, 1:46 PM IST

ডিমা হাছাও, 23 মে' : হাৰেংগাজাওৰ লগতে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং আৰু শিলচৰৰ লগতে যোগাযোগৰ একমাত্ৰ মাধ্যম 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথ । কিন্তু ভূমিস্খলন আৰু বানৰ কৱলত পৰি 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া সম্পূৰ্ণ ৰূপে ভাঙি যোৱাৰ লগতে ভূমিস্খলনৰ ফলত ৰেলপথ বন্ধ হৈ যোৱাৰ বাবে বিগত 10 দিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাৰেংগাজাওত(Communication disconnected at Dima Hasao)।

ভূমিস্খলনৰ ফলত ইতিমধ্যে 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলং আৰু ঘাইপথ সম্পূৰ্ণৰূপে ভাঙি পৰিছে । যাৰ ফলত এই পৰ্যন্ত হাৰেংগাজাওত গৈ উপস্থিত হ'ব পৰা নাই ডিমা হাছাও জিলা প্ৰশাসনৰ লোক ৷ বিগত 10 দিনৰ পৰা বিদ্যুৎ পৰিসেৱা আৰু মোবাইল পৰিসেৱা ইণ্টাৰনেট সকলো বিপৰ্যস্ত হৈ পৰিছে হাৰেংগাজাওত । এই বিপৰ্যয়ৰ সময়ত জিলা প্ৰশাসনৰ কোনো লোক বা ৰাজ্যৰ কোনো নেতা মন্ত্ৰী উপস্থিত হ'ব পৰা নাই হাৰেংগাজাওত ।

Dima Hasao people are suffering from food crisis due to flood
এমুঠি অন্নৰ বাবে হাহাকাৰ ডিমা হাচাওবাসীৰ

ইপিনে বিগত 10 দিনৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে এতিয়া হাৰেংগাজাওত খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকট দেখা দিছে (Dima Hasao people are suffering from food crisis)। অচিৰেই যদি ৰাজ্য চৰকাৰ বা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে হাৰেংগাজাওত খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নো ধৰে তেনেহলে হাৰেংগাজাও অঞ্চলৰ ৰাইজ প্ৰচণ্ড দুৰ্ভোগত আৰু খাদ্য সংকটত পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত ।

লগতে পঢ়ক : ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.