ETV Bharat / state

পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ - দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ

পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত শুকুৰবাৰে দিল্লীৰ যন্তৰ-মন্তৰ উত্তাল কৰি তোলে ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ বিভিন্ন দল সংগঠনে(Dima Hasao, Karbi groups stage protest in Delhi) । ন' অটনমাছ ষ্টেট ন ৰেষ্ট, উই ৱান্ট জাষ্টিছ আদি শ্লোগানৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে দিল্লীৰ জন্তৰ মন্তৰৰ পৰিবেশ ।

Dima Hasao, Karbi groups to stage protest in Delhi for autonomous state
পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ
author img

By

Published : Apr 9, 2022, 4:34 PM IST

ডিমা হাছাও, 8 এপ্ৰিল : ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ছাত্ৰ সংগঠন ডিমাছা ষ্টুডেন্ট ইউনিয়ন কাৰ্বি ষ্টুডেন্ট এছ’চিয়েচন কাঞ্চাছদিকম আৰু দুখন পাহাৰীয়া জিলাৰ বিভিন্ন দল সংগঠনে ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত শুকুৰবাৰে দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে(Demand for Autonomous state ) । ডিমাছা ষ্টুডেন্ট ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে কয় যে, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ ৰাইজে বিগত 35 বছৰ ধৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ স্বপ্ন দেখি আহিছে ।

তেওঁ কয় যে, আমি দিল্লী আহিছো ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত 244 (A) অনুচ্ছেদ অনুসৰি ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীৰ সফল ৰূপায়ন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাবলৈ । ডিমাছা ষ্টুডেন্ট ইউনিয়নৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে, শুকুৰবাৰৰ এই ধৰ্ণা কাৰ্যসূচীৰ পিচতে ৰাজ্যৰ ভিতৰতে পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰতে এখন স্মাৰকলিপি প্ৰদান কৰে তেওঁলোকে ।

তেওঁ আৰু কয় এই ধাৰ্ণা কাৰ্যসূচীত ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনৰ পৰা 300 গৰাকী সদস্যই দিল্লীৰ যন্তৰ মন্তৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত ধৰ্ণাত বহিছে । প্ৰতিবাদস্থলীত সাংসদ হৰেন সিং বেও উপস্থিত আছে । সাংসদগৰাকীয়ে তেওঁলোকক আশ্বাস দি কয় যে, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ গঠনৰ দাবী তেওঁ আগুৱাই লৈ যাব ।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ঘোঁৰাত উঠিল আৰ পি শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.