ETV Bharat / state

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

author img

By

Published : May 16, 2022, 9:52 PM IST

প্ৰাকৃতিক দুৰ্যোগত কোঙা হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাছাও । ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ । যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হোৱাৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন(Normal life completely disrupted in Dima Hasao) । নিউ হাফলং ষ্টেচন সম্পূৰ্ণৰূপে মাটিৰ তলত (Dima Hasao still battling floods, landslides) ।

totally damaged dima hasao
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

ডিমা হাছাও,১৬ মে': ভূমিস্খলন কিমান ভয়ংকৰ হব পাৰে তাৰ যেন এক উদাহৰণ হৈ পৰিছে ডিমা হাছাও । অসমৰ অন্যতম পাহৰীয়া জিলাত এতিয়া হাহাকাৰ পৰিস্থিতি । দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সৈতে ডিমা হাছাও জিলাৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে । খাদ্য সংকটে দেখা দিছে জিলাখনৰ সদৰ চহৰ হাফলঙত । বজাৰত শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ নাটনি দেখিবলৈ পোৱা গৈছে ।

অব্যাহত থকা ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ বডগ্ৰজ ৰে'লপথৰ দাওটোহাজা আৰু ফাইডিঙৰ মাাজৰ প্ৰায় ৩-৪ কিঃমিঃ পথ খহি পৰিছে ভূমিস্খলনৰ ফলত । আনহাতে নিউ হাফলং ৰে'ল ষ্টেচনৰ বিদ্ধস্ত ৰূপ(Heavy flooding at Haflong railway station) । সম্পূৰ্ণৰূপে মাটিৰ তলত সোমাই পৰিছে ৰে'ল ষ্টেচনটো । ষ্টেচনটোৰ থকা গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ প্ৰায় ৫ টা ডবা ভূমিস্খলনৰ ফলত বাগৰি পৰে ।

এক কথাত এক ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ জিলাখনত (Dima Hasao still battling floods, landslides)। জিলাখনত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে স্তব্ধ হৈ পৰিছে বিদ্যুৎ সেৱাও । কৰ্টন হৈছে ইন্টাৰনেট সেৱা । সমগ্ৰ জিলাখনতে সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে (Normal life completely disrupted in Dima Hasao) ।

ইফালে সোমবাৰে জিলাখনৰ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱাৰ কথা আছিল ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনসহ ৰাজ্যৰ কমিছনাৰ চেক্ৰেটাৰী জি ডি ত্ৰিপাঠী । কিন্তু গুৱাহাটী হাফলং সংযোগী পথৰ ঠায়ে ঠায়ে ভূমিস্খলনৰ ফলত খহি পৰাত মন্ত্ৰীগৰাকী মাইবঙৰ পৰাই উভতিবলগীয়া হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: পত্নী সহ দুই কন্যাক এৰি আলফা স্বাধীনলৈ গ’ল নেকি মৰাণৰ ৰোহিণী গগৈ ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.