ETV Bharat / state

ডিমা হাছাওৰ মাহুৰ নৈ পৰা অবৈধভাৱে শিল সংগ্ৰহ লক্ষ্মী মটৰচৰ - Dima Hasao illegal stone supply during lock down etv Bharat Assam

গাওঁ প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, লক্ষ্মী মটৰচ নামৰ নিৰ্মাণ সংস্থাটোৱে গাওঁ প্ৰধানৰ অনুমতি অবিহনে গাৱঁৰ মাজত এল এন টি দি প্ৰায় 400 মিটাৰ মাটি কাটি পথ নিৰ্মাণ কৰি শিলৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । গাঁওবাসীয়ে এই ক্ষেত্ৰত বাধা প্ৰদান কৰে যদিও গাওঁবাসীৰ কথাত কোনো কাণ-সাৰ নাই সংস্থাটোৰ কৰ্মচাৰীসকলৰ ।

ডিমা হাছাওৰ মাহুৰ নৈ পৰা অবৈধভাৱে শিল সংগ্ৰহ লক্ষ্মী মটৰচৰ

author img

By

Published : May 7, 2020, 12:17 PM IST

ডিমা হাছাও, 6 মে: ডিমা হাছাওৰ অন্তৰ্গত মাহুৰ নৈৰ পৰা অবৈধভাৱে শিল সংগ্ৰহ কৰাৰ অভিযোগ লক্ষ্মী মটৰচ নামৰ এটা নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদ আৰু ডিমা হাছাও জিলাৰ বন বিভাগৰ অনুমতি অবিহনে নিৰ্মাণ সংস্থাটোৱে নৈৰ পৰা শিল কঢ়িওৱা বুলি অভিযোগ উত্থাপন কৰিছে পুৰা গাৱঁৰ গাওঁ প্ৰধান বাইদামম খের্চায়।

গাওঁ প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, লক্ষ্মী মটৰচ নামৰ নিৰ্মাণ সংস্থাটোৱে গাওঁ প্ৰধানৰ অনুমতি অবিহনে গাৱঁৰ মাজত এল এন টি দি প্ৰায় 400 মিটাৰ মাটি কাটি পথ নিৰ্মাণ কৰি শিলৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । গাঁওবাসীয়ে এই ক্ষেত্ৰত বাধা প্ৰদান কৰে যদিও গাওঁবাসীৰ কথাত কোনো কাণ-সাৰ নাই সংস্থাটোৰ কৰ্মচাৰীসকলৰ ।

ডিমা হাছাওৰ মাহুৰ নৈ পৰা অবৈধভাৱে শিল সংগ্ৰহ লক্ষ্মী মটৰচৰ

গাওঁ প্ৰধানে জানিবলৈ দিয়া মতে, পুৰা গাঁৱৰ লোকসকলে এই নদীখনৰ ওচৰত পূজাৰ কাৰণে এটা ঘৰ নিৰ্মাণ কৰিছল কিন্তু নিৰ্মাণ সংস্থাটোৱে নিজৰ সুবিধাৰ বাবে পূজাৰ ঘৰটো ভাঙি দিয়ে ৷ লগতে গাওঁবাসীয়ে খেতি পথাৰত পানী যোগানৰ বাবে নিৰ্মাণ কৰা মথাউৰী আৰু জলসিঞ্চন বিভাগৰ নলা ভাঙি নষ্ট কৰি দিয়াৰো অভিযোগ উত্থাপন হৈছে লক্ষ্মী মটৰচৰ বিৰুদ্ধে ৷

সংস্থাটোৱে নৈৰ পৰা শিল সংগ্ৰহ কৰাৰ বাবে বন বিভাগৰ পৰাও অনুমতি লোৱা নাই বুলি বুধবাৰে বন বিভাগৰ লোক উপস্থিত হৈ গাঁও প্ৰধানক অৱগত কৰে ৷ ফলত অনতিপলমে পুৰা গাৱঁৰ বাসিন্দাসকলে মাহুৰ নৈৰ পৰা শিল সংগ্ৰহ বন্ধ কৰাবলৈ প্ৰশাসনক দাবী জনাইছে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.