ETV Bharat / state

ডিমা হাছাও জিলাত কৰ'ণা ৰোগীৰ সংখ্যা 183 গৰাকীলৈ বৃদ্ধি - কনটেনমেণ্ট জ'ন

শুকুৰবাৰে পুনৰ ডিমা হাছাও জিলাত নতুনকৈ 7 গৰাকীৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি । ইয়াৰে দিয়ুংমুখ চেকপ’ষ্টত 3 গৰাকী ব্যক্তি, ডিটেকচৰা চেকপ’ষ্টত 2 গৰাকী আৰু মানদাৰদিছা চেকপ’ষ্টত 1 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক'ভিড-19 পজিটিভ ৷ বৰ্তমানলৈ জিলাখনত 183 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

DIMA HASAO DISTRICT TOTAL CORONA PATIENT RISES TO 183
ডিমা হাছাও জিলাত কৰ'ণা ৰোগীৰ সংখ্যা 183 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Jul 31, 2020, 11:17 PM IST

ডিমা হাছাও, 31 জুলাই : ডিমা হাছাও জিলাত ৰেপিড এন্টিজেন টেষ্টত বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰে পুনৰ ডিমা হাছাও জিলাত নতুনকৈ 7 গৰাকীৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি । ইয়াৰে দিয়ুংমুখ চেকপ’ষ্টত 3 গৰাকী ব্যক্তি, ডিটেকচৰা চেকপ’ষ্টত 2 গৰাকী আৰু মানদাৰদিছা চেকপ’ষ্টত 1 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক'ভিড-19 পজিটিভ ৷

DIMA HASAO DISTRICT TOTAL CORONA PATIENT RISES TO 183
ডিমা হাছাও জিলাত কৰ'ণা ৰোগীৰ সংখ্যা 183 গৰাকীলৈ বৃদ্ধি

ইফালে, বৰ্তমানলৈ জিলাখনত 183 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে 156 গৰাকী ৰোগী আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানেও হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত 25 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ বিপৰীতে 2 গৰাকী ৰোগীৰ চিকিৎসা অন্য চিকিৎসালয়ত চলি থকাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । আনহাতে, ডিমা হাছাও জিলাৰ উমৰাংচো 3 কিলোত মহীবোৰ ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰ আজি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ডিমা হাছাও প্ৰশাসনে ।

উল্লেখ্য যে, 30 জুলাইৰ নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্য়া 38407 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 29084 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 9230 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 94 গৰাকী ৷

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.