ETV Bharat / state

21ৰ নিৰ্বাচনৰ কঁকালত টঙালী বান্ধিছে ডিমা হাছাও জিলা বিজেপিয়ে - হাফলং বিধান সভা সমষ্টি

2021 ৰ নিৰ্বাচনৰ বাবে সাজু ডিমা হাছাও জিলা বিজেপি ৷ আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচন প্ৰভাৰী আৰু সমন্বয়ক নিযুক্তি ৷ বিজেপিৰ সকলো নেতা কৰ্মীক সাজু হোৱাৰ আহ্বান ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনৰ ৷

21ৰ নিৰ্বাচনৰ কঁকালত টঙালী বান্ধিছে ডিমা হাছাও জিলা বিজেপিয়ে

author img

By

Published : Nov 19, 2020, 9:58 PM IST

ডিমা হাছাও, 19 নৱেম্বৰ: 2021 ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে ডিমা হাছাও জিলা বিজেপিৰ প্ৰস্তুতি ৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলা বিজেপিয়ে তিলোত্তমা হাচনুক ইতিমধ্যে নিৰ্বাচনৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য তথা বিজেপি নেতা ঈশ্বৰি প্ৰসাদ যইচিক সমন্বয়ক হিচাপে নিযুক্তি দিছে ৷

21ৰ নিৰ্বাচনৰ কঁকালত টঙালী বান্ধিছে ডিমা হাছাও জিলা বিজেপিয়ে
21ৰ নিৰ্বাচনৰ কঁকালত টঙালী বান্ধিছে ডিমা হাছাও জিলা বিজেপিয়ে

বৃহস্পতিবাৰে হাফলং পুথি ভঁৰাল প্ৰেক্ষাগৃহত ডিমা হাছাও জিলা বিজেপিৰ এখন সভাত জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী আৰু সমন্বয়কৰ নাম ঘোষণা কৰে ৷

বিজেপিৰ সকলো নেতা কৰ্মীক সাজু হোৱাৰ আহ্বান জনাই ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে কয় যে ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ কাৰণে প্ৰায় চাৰি মাহ সময় আছে ৷ সেয়ে ডিচেম্বৰ মাহলৈকে সাংগঠনিক কামত ব্যস্ত থাকি জানুৱাৰী মাহৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হব ৷

কেৱল 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হব সেয়া এতিয়ালৈকে ঠিক হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী যিজনেই নহওক কিয় সকলোৱে মিলি নিজৰ প্ৰাৰ্থীক ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ মাজত হাফলং বিধানসভা সমষ্টিত সন্তোষজনক ফলাফলেৰে জয়লাভ কৰাই অনাৰ লক্ষ্যৰে সকলোৱে এতিয়াৰে পৰা কাম কৰিব লাগিব ৷

অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি তথা ডিমা হাছাও জিলা বিজেপিৰ প্ৰভাৰী ৰতন টেৰণ,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা,পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাৰ লগতে বিজেপি নেতা কৰ্মীসকল সভাত উপস্থিত থাকে ৷

লগতে পঢ়ক: তিব্বতীয় ভাষাত চীনক সকয়নী ভাৰতত বাস কৰা তিব্বতীয়ানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.