ETV Bharat / state

ডিমা হাছাওত ডায়েৰিয়াৰ মহামাৰী ৰূপ - হাফলঙৰ চিকিৎসকৰ দল

ডিমা হাছাও জিলাত ডায়েৰিয়া ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছে৷ এই ৰোগত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে 40 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ হেবৰণ গাঁৱত ডায়েৰিয়াই মহামাৰীৰ ৰূপ লোৱাৰ ফলত হাফলঙৰ পৰা চিকিৎসকৰ দল ইতিমধ্যে হেবৰণ গাঁৱত উপস্থিত হৈছে।

Dima Hasao
ডিমা হাছাওত ডায়েৰিয়াৰ মহামাৰী ৰূপ
author img

By

Published : Dec 22, 2019, 9:28 PM IST

ডিমা হাছাও, 22 ডিচেম্বৰঃ ডিমা হাছাও জিলাত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ বিপৰীতে 40 গৰাকীলোক এই ৰোগত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয় আৰু মাহুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই৷

ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডঃ দিপালি বৰ্মনে জানিবলৈ দিয়া অনুসৰি মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হেবৰণ গাঁৱত ডায়েৰিয়া দেখা দিয়াৰ পিচতে দেওবাৰে বিয়লি ডায়েৰিয়াত আক্ৰান্ত হোৱা 40 গৰাকী ৰোগীক মাহুৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে৷ ইয়াৰে এগৰাকী ৰোগীৰ চিকিৎসালয়তে মৃত্যু হয়৷ ইপিনে মাহুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা 6 গৰাকী ৰোগীক সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ আনহাতে মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হেবৰণ গাঁৱত ডায়েৰিয়াই মহামাৰীৰ ৰূপ লোৱাৰ ফলত হাফলঙৰ পৰা চিকিৎসকৰ দল ইতিমধ্যে হেবৰণ গাঁৱত উপস্থিত হৈছে। উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডঃ দিপালি বৰ্মনে জানিবলৈ দিয়া অনুসৰি খোৱা পানীৰ বাবে গাঁৱৰ বাসিন্দা সকল এই ৰোগত আক্ৰান্ত হৈছে৷

লগতে পঢ়ক - কটকত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল

Intro:ডিমা হাছাও 22 ডিচেম্বৰ: ডিমা হাছাও জিলাত ডায়েৰিয়াত আক্ৰান্ত হৈ এগৰাকী যুৱকৰ মৃত্যু। আৰু 40 গৰাকী লোক ডায়েৰিয়াত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয় আৰু মাহুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱক জনৰ নাম জানিব পৰা হোৱা নাই।Body:ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডঃ দিপালি বৰ্মনে জানিবলৈ দিয়ে মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হেবৰণ গাঁওত ডায়েৰিয়া দেখা দিয়াৰ পিছত আজি বিয়লি ডায়েৰিয়া আক্ৰান্ত 40 গৰাকী ৰোগীক মাহুৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ পিছত এজন যুৱকৰ মৃত্য হয় চিকিৎসালয়ত।Conclusion:ইপিনে মাহুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকট জনক অৱস্থাত 6 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত অনা হৈছে বুলি দিপালি বৰ্মনে জানিবলৈ দিয়ে। আনহাতে মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হেবৰণ গাওঁত ডায়েৰিয়া মহামাৰীৰ ৰূপ লোৱাৰ ফলত হাফলংৰ পৰা চিকিৎসকৰ দল ইতিমধ্যে হেবৰণ গাওঁত উপস্থিত হৈছে। দিপালি বৰ্মনে আৰু জানিবলৈ দিয়ে খোৱা পানীৰ পৰা গাঁওৰ বাসিন্দা সকল ৰোগত আক্রান্ত হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.