হাফলং, 1 অক্টোবৰ: ৰাজ্যৰ কেইবাখনো জিলাৰ বভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডেংগুৱে ৷ ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে ডেংগুত ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওতো ভয়ংকৰ ৰূপত সংক্ৰমিত হৈছে ডেংগুৰ ৷
ডিমা হাছাও জিলাত ব্যাপক হাৰত বিয়পি পৰিছে ডেংগু ৷ বিশেষকৈ ডিমা হাছাও জিলাৰ হাফলং আৰু মাহুৰত ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা বেছি বুলি জানিব পৰা গৈছে ৷ ডিমা হাছাও জিলাৰ সদৰ হাফলং আৰু মাহুৰত ডেংগু ভয়ংকৰভাৱে বিয়পি পৰিছে বুলি জানিবলৈ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷
দেওবাৰে চৰকাৰী আৱাসত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলাত যেনেদৰে ভয়ংকৰ ৰূপত ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷
সংবাদমেলত তেওঁ কয় এশখন বিছনা যুক্ত হাফলং অসামৰিক চিকিৎসালয়ত এতিয়া আৰু ৰোগী ৰখাৰ বাবে ঠাই নাই ৷ বৰ্তমান হাফলং অসামৰিক চিকিৎসালয়ত 100 গৰাকীৰ ঠাইত 164 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ অধিক সংখ্যক ৰোগীয়েই হৈছে ডেংগুত আক্ৰান্ত ৷ দেবলাল গাৰ্লোচাই কয় যে তেওঁ দেওবাৰে হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ডেংগুৰ ভয়ংকৰ অৱস্থাৰ বুজ লোৱাৰ উপৰিও কেনেদৰে ডেংগুৰ সংক্ৰমণ ৰোধ কৰিব পাৰে এই সন্দৰ্ভত আলোচনা কৰে ৷
তেওঁ জানিবলৈ দিয়ে যে প্ৰতিদিনে ডিমা হাছাওত 50ৰো অধিক লোক ডেংগুত আক্ৰান্ত হৈছে ৷ তেওঁ সংবাদমেলত ডেংগুৰ পৰা ৰক্ষা পোৱাৰ উপায় সন্দৰ্ভতো অৱগত কৰে ৷ তেওঁ কয় যে, ঘৰৰ ওচৰে-পাজৰে থকা নলা নৰ্মদা পৰিষ্কাৰ কৰি ৰখাৰ লগতে, ঘৰত থকা ফুলৰ টাব বিলাকত পানী জমা হ’বলৈ দিব নালাগে ৷ সমগ্ৰ চহৰ পৰিষ্কাৰ কৰি ৰখাৰ আহ্বান জনায় তেওঁ ৷ তেতিয়াহে ডেংগুৰ পৰা পৰিত্ৰাণ পাব বুলি মন্ত্যব কৰে দেবলাল গাৰ্লেচাই ৷ লগতে ডেংগু ৰোগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগ আৰু নগৰ সমিতিক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি সংবাদমেলত মন্তব্য কৰে দেবলাল গাৰ্লোচাই ৷
লগতে পঢ়ক : BJP protest in Diphu: ডিফুত দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ বিজেপি যুৱ মৰ্চাৰ