ETV Bharat / state

দেবলাল গাৰ্লোচাৰ দ্বাৰা হাফলঙত আমাই প্ৰকল্প মুকলি

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:13 PM IST

সোমবাৰে মুকলি কৰা হয় আমাই (আইতা) প্ৰকল্প ৷ হাফলঙত এই প্ৰকল্প মুকলি কৰে মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ৷

Debolal Gorlosa Inaugurates Amai project in Haflong
আমাই (আইতা) প্ৰকল্প
আমাই (আইতা) প্ৰকল্প

হাফলং, 11 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আগতে ক্ষমতাত থকা বিজেপি চৰকাৰে সোমবাৰে দুখীয়া পৰিয়ালৰ গৰ্ভৱতী মহিলাসকলৰ বাবে এখন নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিএইএম পাইলট (CEM Pilot) প্ৰকল্পৰ অধীনত দুখীয়া পৰিয়ালৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আমাই (আইতা) প্ৰকল্পৰ শুভাৰম্ভ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ।

সোমবাৰে হাফলং অসামৰিক চিকিৎসালয়ত আনুষ্ঠানিকভাৱে আমাই (আইতা) প্ৰকল্প মুকলি কৰাৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ত শিশুসকলৰ বাবে নতুন আইচিইউ ওৱাৰ্ডো উদ্বোধন কৰে । হাফলঙত আমাই (আইতা) প্ৰকল্পৰ মুকলি কৰি মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চিইএম পাইলট প্ৰকল্পৰ অধীনত দুখীয়া পৰিয়ালৰ গৰ্ভৱতী মহিলাসকলক পুষ্টিৰ বাবে 10 হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব । অৱশ্যে তেওঁলোক বিপিএল পৰিয়ালৰ হোৱাৰ উপৰি ডিমা হাছাও জিলাৰ বাসিন্দা হ’ব লাগিব ৷ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড থকা লোকে এই আমাই (আইতা) প্ৰকল্পৰ সুবিধা ল’ব পাৰিব’’ ৷

তেওঁ আৰু কয়, ‘‘ডিমা হাছাও জিলাৰ বহু গাঁৱৰ পৰা চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ অহাৰ পিচতো তেওঁলোকে থকাৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । তেনে লোকৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত থকাৰ বাবে ভৱন নিৰ্মাণ কৰা হ’ব । এই ভৱনত সকলো ব্যৱস্থা থাকিব’’ ৷

লগতে তেওঁ জানিবলৈ দিয়া মতে, অনাগত সময়ত ডিমা হাছাও জিলাৰ লাইচং দিহাংগী খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ উন্নতমানৰ গঢ়ি তোলা হ’ব । সোমবাৰে আয়োজিত এই অনুষ্ঠানতে হাফলং অসামৰিক চিকিৎসালয়ত বিএছচি নাৰ্ছিং পদত 16 গৰাকী আৰু লেব টেকনিচিয়ান পদত 4 গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা স্বাস্থ্য বিভাগৰ দায়িত্বপ্ৰাপ্ত কাৰ্যনিৰ্বাহ সদস্য চেময়েল চাংছন আৰু পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপুসহ হাফলং অসামৰিক বিভাগৰ চিকিৎসকৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল ।

লগতে পঢ়ক : কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাতগৰাকী প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে আৱেদন পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.