ETV Bharat / state

কিদৰে ক্ষমতাত আছে হত্যাৰ গোচৰত অভিযুক্তঃ প্ৰশ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

author img

By

Published : Sep 23, 2020, 4:57 PM IST

কংগ্ৰেছ সাংসদ দিগ্বিজয় সিঙে ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰা এটা প্ৰশ্নক কেন্দ্ৰ কৰি এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰা অসমৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

Deblal garlsa issue on rajyasabha
ৰাজ্যসভাৰ মজিয়া পালেগৈ দেৱলাল গাৰ্লচাৰ প্ৰসংগ

ডিমা হাছাও, 23 ছেপ্টেম্বৰ : ৰাজ্যসভাৰ মজিয়া পালেগৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাৰ প্ৰসংগ। ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে সদনৰ মজিয়াত উত্থাপন কৰা এক প্ৰশ্নক কেন্দ্ৰ কৰি এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰা অসমৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ চার্জচিট প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব সঞ্জীৱ কুমাৰে পত্ৰৰ জৰিয়তে জানিব বিচাৰে, দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(খ)/121/121(ক) ৩০২/৩০৯ ধাৰাৰ উপৰিও মাৰণাস্ত্ৰ আইনৰ 27 নং ধাৰাৰ চার্জচিটখন সত্য নেকি ? আৰু যদি সত্য হয় তেনেহলে চার্জচিট প্ৰাপ্ত ব্যক্তিক কিয় সাংবিধানিক পদত ৰখা হৈছে ? ইয়াৰ উত্তৰ বিচাৰি ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰখন । অহা 26 ছেপ্টেম্বৰত বিষয়টো ৰাজ্য সভাৰ মজিয়াত উত্থাপন হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত জব্দ কেইবা লক্ষাধিক নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.