ডিমা হাছাও, ২ মে' : লক্ ডাউনৰ মাজতেই ডিমা হাছাও জিলাত চাঞ্চল্যৰ ঘটনা । জাতিংগাত উদ্ধাৰ হ'ল এজন লোকৰ মৃতদেহ ।
শুকুৰবাৰে সন্ধিয়া ডিমা হাছাও জিলাৰ জাতিংগাত এখন ৰে'ল দলঙৰ তলত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ । মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি অঞ্চলটোত । উদ্ধাৰকৃত মৃতদেহটো এগৰাকী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ।
উদ্ধাৰ হোৱা মৃত ব্যক্তি জন ৰমাকান্ত দে বুলি চিনাক্ত কৰা হৈছে । মৃতদেহটোৰ মূৰ আৰু মুখত আঘাতৰ চিন স্পষ্ট হৈ আছে । এইয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড আৰক্ষীৰ তদন্তৰ পাচতে পোহৰলৈ আহিব । আৰক্ষীয়ে জনোৱা মতে, মৃত ৰমাকান্ত দে ডিটেকচৰা মিচিক্ষুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক আছিল ।
- বহিঃৰাজ্যত আৱদ্ধ লোক সকলক ঘূৰাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক