ডিমা হাছাও,৯ মে': কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যোৱা মঙলবাৰে ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা বান্ধি দিছিল । কিন্তু চৰকাৰৰ নিৰ্দেশক ভেঙুচালি কৰি শনিবাৰে ডিমা হাছাও জিলাৰ হাফলঙত পুৱা বহিল সাপ্তাহিক বজাৰ । চৌদিশে মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ সংহাৰী ৰূপৰ বিষয়ে জনাৰ পিছতো বজাৰত ভীৰ কৰিলে একাংশ অসচেতন লোকে ।
বজাৰত একাংশ অসচেতন লোকৰ নাই কোনো সামাজিক দূৰত্ব, নাই পৰিধান কৰা মাস্ক । এইদৰে ক'ভিড প্ৰট'কল উলংঘা কৰি গণ সংক্ৰমণ বৃদ্ধিত সহায় কৰিছে বজাৰলৈ অহা গ্ৰাহকসকলে । একাংশ লোকৰ এই কাণ্ডজ্ঞানহীনতাৰ বাবে বৰ্তমান সমাজৰ আন আন সচেতন লোকসকললৈ বিপদ মাতি আনিছে ।
উল্লেখ্য যে, শনিবাৰে ডিমা হাছাওত নতুনকৈ ১৬ গৰাকী ব্যক্তি মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । জিলাখনত এতিয়ালৈকে ২৮৮ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী ৰোগীৰ মৃত্যু হৈছে ।
ইয়াৰ মাজতে ১০৪ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । বৰ্তমানেও হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: মঙলদৈত পালন কৰা হ'ল বিশ্ব ৰেডক্ৰছ দিৱস