ETV Bharat / state

জাতিংগা মহোৎসৱক লৈ তীব্ৰ বিতৰ্ক - jatinga festival latest news

পৰিভ্ৰমী চৰাইৰ প্ৰতি ভাবুকি আনিছে মহোৎসৱে ৷ কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাৰ এজাহাৰ দাখিল ৷

controversy regarding jatinga festival
author img

By

Published : Oct 23, 2019, 6:36 PM IST

ডিমা হাছাও, 23 অক্টোবৰ: জাতিংগা মহোৎসৱকলৈ শেহতীয়াভাৱে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ ৰক্ষাৰ বাবে 144 ধাৰা বলৱৎ থকাৰ সময়তে ডিমা হাছাও জিলা প্ৰশাসনে মহোৎসৱ পতাৰ নিৰ্দেশ দিয়াক লৈ মতানৈক্যৰ সৃষ্টি হৈছে ৷ বুধবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে ৷

তেওঁ সংবাদমেলখনত জনায় যে,30 ছেপ্টেম্বৰত জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই এক নিৰ্দেশত জাতিংগা আৰু দিহিঙত চৰাই অহাৰ কাৰণে 144 ধৰা বলবৎ কৰিছিল। নিৰ্দেশত উল্লেখ কৰা হৈছিল আগষ্ট মাহৰ পৰা ডিচেম্বৰলৈ দেশ বিদেশৰ পৰা পৰিভ্ৰমী চৰাই জাতিংগালৈ আহে ৷ এই বাবে জাতিংগাত উচ্চ ক্ষমতা সম্পন্ন হেল'জেন লাইটৰ ব্যৱহাৰ,চৰাই চিকাৰ,আৰু অস্ত্ৰসহিতে প্ৰৱেশ কৰা নিষিদ্ধ কৰা হয় ৷ এয়া অমান্য কৰিলে বন্যপ্ৰাণী আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ পাচতো জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই কিদৰে মহোৎসৱ পতাৰ নিৰ্দেশ দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদে চৰাইৰ সুৰক্ষাক থিম হিচাপে এই মহোৎসৱ পাতিছে ৷ কিন্তু,মহোৎসৱলৈ অহা অতিথিসকলে চৰাই ধৰি ফটো উঠি আনন্দত মতলীয়া হৈ ছ'চিয়েল মিডিয়া ভৰ্তি কৰি তুলিছে ৷ এনেকুৱা পৰিস্থিতি হৈ থাকিলে জাতিংগালৈ চৰাই অহা বন্ধ হৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ইতিমধ্যে, ডেনিয়েল লাংথাচাই হাফলং আৰক্ষী থানাত আয়োজকসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে চৰাইৰ নিৰাপত্তাৰ কাৰণে জাতিংগাত নিশাৰ অনুষ্ঠান বন্ধ কৰাৰ দাবী জনাই জিলা উপায়ুক্তক পত্ৰ প্ৰদান কৰে বুলি বুধবাৰৰ সংবাদ মেলখনত সদৰী কৰা হয় ৷

ডিমা হাছাওৰ ৰাজীৱ ভৱনত ডেনিয়েল লাংথাচাৰ সংবাদমেল

Intro:ডিমা হাছাও 23 অক্টোবৰ: জাতিঙা মহোৎসবলৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিলে ডিমা হাছাও জিলাত। চৰাই অহাৰ কাৰণে জাতিঙা আৰু দিহংত 144 ধাৰা বলবত থকাৰ সময়ত জাতিঙা মহোৎসৱ পতাৰ কাৰণে কেনেকৈ নিৰ্দেশ দিলে ডিমা হাছাও জিলা প্ৰশাসনে সেয়া লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে সমগ্ৰ পাহাৰীয়া জিলাখনত।Body:আজি হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচায় কয় যোৱা 30 ছেপ্টেম্বৰত জিলা ম্যাজিষ্ট্ৰেট তথা জিলা উপযুক্ত অমিতাভ ৰাজখোৱায় এখন নিৰ্দেশত জাতিঙা আৰু দিহিংত চৰাই অহাৰ কাৰণে 144 ধৰা বলবত কৰিছিল। আৰু নিৰ্দেশত উল্লেখ কৰা হৈছিল আগষ্ট মাহৰ পৰা দেশ বিদেশৰ পৰা চৰাই জাতিঙাত আহিবলৈ ধৰিছে আৰু ডিচেম্বৰলৈ চৰাই আহে জাতিঙাত ইয়াৰ বাবে জাতিঙাত উচ্চ ক্ষমতা সম্পন্ন হেলোজিন লাইট চৰাই চিকাৰ চৰাই ধৰা আৰু অস্ত্ৰলৈ যোৱা নিষিদ্ধ কৰা হৈছে এই আইন অমান্য কৰিলে ওয়াইল্ড লাইফ আইনত শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা হব। জিলা ম্যাজিষ্ট্ৰেট এই নিৰ্দেশ দিয়াৰ পিছত জাতিঙাত কেনেকৈ জাতিঙা মহোৎসৱ পতাৰ নিৰ্দেশ দিলে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱায় এই প্ৰশ্ন উত্থাপন কৰি ডেনিয়েল লাংথাচায় সংবাদ মেলত কয় 144 ধাৰা বলবত থকাৰ সময়ত উচ্চ ক্ষমতা সম্পন্ন হেলোজিন জ্বলাই ৰাতি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ মাজত উৎসৱ স্থলীত অহা অতিথি সকলে চৰাই ধৰি ফটো তুলি সচিয়েল মিডিয়াত এই ছবি ভাইৰেল কৰি তুলিছে। ডেনিয়েলে কয় ওয়াইল্ড লাইফ আইনত চৰাই চিকাৰ আৰু চৰাই ধৰা এক অপৰাধ হিচাবে গণ্য হয়।Conclusion:ডেনিয়েলে আৰু কয় দেশ বিদেশৰ পৰা অহা চৰাইক সুৰক্ষা দিয়াৰ থিমলৈ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদে জাতিঙা মহোৎসৱ পাতিছে।কিন্তু দেখা গৈছে মহোৎসৱ অহা অতিথি সকলে চৰাই ধৰি আনন্দ উৎসৱত মাতি উঠিছে। ডেনিয়েল লাংথাচায় এনেকৈ চলি থাকিলে অহা দিনত জাতিঙাত চৰাই অহা বন্ধ হৈ যাব পাৰে। 2010 চনত এবাৰ জাতিঙা মহোৎসৱ পাতিছিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদে তেতিয়া চৰাই নিৰাপত্তাৰ কথা ভাবি দিনত জাতিঙাত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ পিছত হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত নিশা সাংস্কৃতিক অনুষ্ঠান পতা হৈছেল। এতিয়া এইলৈ কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচায় হাফলং আৰক্ষী থানাত আয়োজক সকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে নিশা জাতিঙাত চৰাইৰ নিৰাপত্তাৰ কাৰণে জাতিঙাত নিশাৰ অনুষ্ঠান বন্ধ কৰাৰ দাবী জনাই জিলা উপায়ুক্তক এখন পত্ৰ প্ৰদান কৰে বুলি আজি সংবাদ মেলত সদৰী কৰে ডেনিয়েল লাংথাচায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.