ডিমা হাছাও,10 অক্টোবৰ: ডিমা হাছাওৰ কংগ্ৰেছ দলত অব্যাহত আছে ব্যাপক খহনীয়া ৷ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বহুকেইগৰাকী সদস্য তথা কাৰ্যকৰ্তাই দলত্যাগ কৰি যোগদান কৰে বিজেপিত ৷ শনিবাৰে হাফলঙৰ বাজপেয়ী ভৱনত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম পাৱদামিঙ ৰিয়ামে নিপোলাল হোজাইৰ উপস্থিতিত লাইচং নিৰ্বাচন সমষ্টিৰ অন্তৰ্গত তুলপুই গাঁৱৰ 13 গৰাকী কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ প্ৰাক্তন কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ আদৰ্শত আকৃষ্ট হৈ দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে চাওকঃ শেষ মুহুৰ্তলৈকে আমি মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিম-ৰিপুন বৰা