ETV Bharat / state

ডিমা হাছাওত 84 গৰাকীৰ বিজেপিত যোগদান - অটল বিহাৰী বাজপেয়ী ভৱন

কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথচা, কংগ্ৰেছ নেতা প্ৰৱেশ কেম্প্ৰাই দুৰবিন থাওচেন লাংটিং মণ্ডল কংগ্ৰেছৰ সভাপতি জগন জহৰি আৰু জিলাৰ লাংটিং হাতীখালি হাফলঙৰ পৰা মুঠ 84 গৰাকী কংগ্ৰেছ নেতা কর্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

congress member bjp joining at dima hasao
ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথচা সহ 84 গৰাকীৰ বিজেপিত যোগদান
author img

By

Published : Sep 9, 2020, 9:00 PM IST

ডিমা হাছাও 9 আগষ্টঃ 2021 চনত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ মাজতে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান আৰম্ভ কৰিছে কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে। ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথাচা কংগ্ৰেছ দল ত্যাগ কৰি বুধবাৰে বিজেপি দলত যোগদান কৰে ৷

ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথচা সহ 84 গৰাকীৰ বিজেপিত যোগদান

বুধবাৰে হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ (সাংগঠনিক) সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জয়ন্ত ডেকা,ডিমা হাছাও জিলা বিজেপিৰ সভাপতি দনপাইনন থাওচেন,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা , স্বায়ত্ব শাসিত পৰিসদৰ অধ্যক্ষা ৰানু লাংথচা আৰু বিজেপিৰ দলীয় নেতা কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথচা,কংগ্ৰেছ নেতা প্ৰৱেশ কেম্প্ৰাই দুৰবিন থাওচেন লাংটিং মণ্ডল কংগ্ৰেছৰ সভাপতি জগন জহৰি আৰু জিলাৰ লাংটিং হাতীখালি হাফলঙৰ পৰা মুঠ 84 গৰাকী কংগ্ৰেছ নেতা কর্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

ইপিনে বিজেপি দলত যোগদান কৰি হামজানন লাংথচায় কয় যে,জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথচাৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁ কংগ্ৰেছ দলে ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই মন্তব্য প্ৰকাশ কৰে যে,আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত বিজেপি দলে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ৷

লগতে পঢ়কঃ ৰূপক শৰ্মা হৈছে সৰ্বকালৰ ব্যৰ্থ বিধায়কঃ ডাঃ দুৰ্লভ চমুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.