ETV Bharat / state

ডিমা হাছাওত অৰ্ধশতাধিকৰ মিত্ৰজোঁটৰ পৰা কংগ্ৰেছলৈ ঢাপলি - জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা

ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান প্ৰক্ৰিয়া অব্যাহত । হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি আৰু অগপ দল ত্যাগ কৰি ৫২ গৰাকী নেতা-কৰ্মীৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান । কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাৰ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত সলনি ।

ডিমা হাছাওত অৰ্ধশতাধিকৰ মিত্ৰজোঁটৰ পৰা কংগ্ৰেছলৈ ঢাপলি

author img

By

Published : Mar 10, 2021, 10:37 AM IST

ডিমা হাছাও, ১০ মাৰ্চ: অগপ, বিজেপি মিত্ৰজোঁটৰ মাজত জ্বলিছে ক্ষোভ আৰু অসন্তুষ্টিৰ জুই । বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত আভ্যন্তৰীণ সংঘাতত জুৰুলা হৈ পৰিছে মিত্ৰজোঁট । প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতৰ ফলত এতিয়া মিত্ৰজোঁটত ফাট মেলা পৰিলক্ষিত হৈছে । মিত্ৰজোঁটৰ পৰা ঢাপলি মেলিছে শতিকা প্ৰাচীন দল কংগ্ৰেছত । শেহতীয়াকৈ ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে । বিজেপি আৰু অগপ দলত্যাগীসকলে কংগ্ৰেছ দলত যোগদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

মঙলবাৰে হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি আৰু অগপ দল ত্যাগ কৰি ৫২ গৰাকী নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । ইপিনে কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাই কংগ্ৰেছ দল ত্যাগ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া পৰৱৰ্তী সময়ত সিদ্ধান্ত সলনি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

মঙলবাৰৰ হাফলং ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচীত ডেনিয়েল লাংথাচাই কয় যে, একাংশ দলীয় নেতাৰ সৈতে মতবিৰোধ দেখা দিয়াৰ বাবেই তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত দলীয় নেতৃত্বৰ লগত আলোচনা কৰাৰ পাচতে দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই তেওঁৰ কথা মানি লোৱাৰ বাবে এই সিদ্ধান্ত সলনি কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক: টীয়কত ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনে দাখিল কৰিলে মনোনয়ন পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.