ডিমা হাছাও,২৫ এপ্ৰিল : ডিমা হাছাও জিলাৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে হাফলঙত উপস্থিত হৈছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা । শনিবাৰে নিশা গৈ হাফলঙত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব গৰাকী ।
দেওবাৰে দিনৰ ১০ বজাত হাফলঙৰ আৱৰ্ত ভৱনত ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে জিলাখনৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত ক'ভিডৰ পৰিস্থিতিক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত ক'ভিড-১৯ প্ৰতিৰোধৰ বাবে মুখ্য সচিবগৰাকীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগক । ইয়াৰ উপৰি ক'ভিড পৰিস্থিতিক লৈ চৰকাৰে বান্ধি দিয়া নিয়ম আৰু স্বাস্থ্য বিধি ৰূপায়ণৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷
বৈঠকৰ অন্তত মুখ্য সচিব জিষ্ণু বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজ্যত যদি সাধাৰণ নাগৰিক সাৱধান বা সতৰ্ক নহয় তেনেহ'লে ৰাজ্যৰ পৰিস্থিতি অতি বেয়াৰ ফালে ঢাল খাব পাৰে । পৰৱৰ্তী ১০ দিনত কি পৰিস্থিতি হয়, এতিয়াই কোৱাটো টান বুলিও মন্তব্য কৰে বৰুৱাই । ডিমা হাছাও জিলাৰ প্ৰতিটো এলেকাত যদি কৰ'ণাৰ সংক্ৰমণ ঘটে তেনেহ'লে পৰিস্থিতি অতি বেয়া হ'ব পাৰে বুলিও মুখ্য সচিবগৰাকীয়ে ব্যক্ত কৰে ।
তেওঁৰ মতে অসমত এতিয়া নৈশ সান্ধ্য আইন দিয়াৰ কোনো পৰিকল্পনা নাই । ইতিমধ্যে সন্ধিয়া ৬ বজাৰ পৰা দোকান, বজাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে । মুখ্য সচিবগৰাকীয়ে ডিমা হাছাও জিলাতো সন্ধিয়া ৬ বজাত দোকান, বজাৰ আদি বন্ধ কৰাৰ আহ্বান জনায় ।
উক্ত বৈঠকত উপস্থিত থাকে জিলা উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক জয়ন্ত সিং, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালী বৰ্মন, হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাই আৰু ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা সচিব টি টি দাওলাগাপু । পাহাৰীয়া জিলাখনত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ বাবে শনিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ জিলাৰ সকলোবোৰ সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰে ।