ETV Bharat / state

লামডিং-বদৰপুৰ ৰেলপথ সুচল কৰি তোলাৰ বাবে পুঁজিৰ আৱন্টন কেন্দ্ৰৰ

author img

By

Published : May 23, 2022, 1:22 PM IST

Updated : May 23, 2022, 2:15 PM IST

প্ৰাকৃতিক দুৰ্যোগৰ ফলত বন্ধ হৈ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথ(Lumding Badarpur station) সুচল কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰে'ল মন্ত্ৰণালয়ে । ৰেলপথটো সুচল কৰি তোলাৰ বাবে 180 কোটি টকা মুকলি কৰি দিছে মন্ত্ৰণালয়ে ৷

Railway Ministry release 180 crores to repair Lumding Badarpur station
লামডিং-বদৰপুৰ ৰে'লপথ মেৰামতিৰ বাবে 180 কোটি টকা মুকলি

ডিমা হাছাও 23 মে' : লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথ সুচল কৰি তোলাৰ বাবে 180 কোটি টকা মুকলি কৰি দিছে ৰে'ল মন্ত্ৰণালয়ে । ডিমা হাছাও জিলাত ভূমিস্খলন তথা বানৰ ফলত যোৱা 14 মে'ৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথ বন্ধ হৈ পৰিছিল । এই ৰে'লপথটোৰ 58 টা স্থানত প্ৰৱল ভূমিস্খলন আৰু বানৰ ফলত বহু ঠাইত ৰেলপথ উটি গৈছিল । বহু ঠাইত ৰেল লাইনৰ তলৰ পৰা মাটি খহি ৰেললাইন ঝুলি পৰে । প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰেলপথটোৰ 6 খন দলং সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ।

ভূমিস্খলন তথা বানৰ ফলত বেছিকৈ ক্ষতিগ্ৰস্ত হয় লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথৰ নিউহাফলং ষ্টেচনত । ভূমিস্খলন আৰু বানৰ ফলত ষ্টেচনটো সম্পূৰ্ণ মাটিৰ তলত পোত যায় । দুটা ইঞ্জিন এতিয়া মাটিৰ তলতে পোত খাই আছে । ভূমিস্খলন আৰু বানৰ তাণ্ডৱত গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লখনৰ ডবা বাগৰি পৰে ।

যাৰবাবে 1 জুলাইলৈকে উত্তৰ পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথত সমস্ত ৰে'ল চলাচল বাতিল কৰি দিয়ে । ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই এই ৰে'লপথটো সুচল কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে ৰে'লপথটো মেৰামতি কৰাৰ বাবে ৰে'ল কৰ্মচাৰী আৰু নিৰ্মাণ সংস্থাক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ।

লগতে পঢ়ক : গোৰেশ্বৰত বানৰ তাণ্ডৱ, নষ্ট ২০ বিঘা মাটিৰ কলৰ খেতি

Last Updated : May 23, 2022, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.