ETV Bharat / state

28 টা সমষ্টিতেই জয় লাভ কৰিব বিজেপিয়ে : দেবলাল গাৰ্লোচা - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ সংবাদমেল ৷ বিজেপি দলে পৰিষদৰ 28 টা সমষ্টিতেই জয়লাভ কৰিব বুলি দাবী কৰে দেবলাল গাৰ্লোচাই ৷

NC Hills Autonomous Council Elections
দেবলাল গাৰ্লোচা
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:52 PM IST

দেবলাল গাৰ্লোচাৰ সংবাদমেল

হাফলং, 14 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত বিজেপি দলে 28 টা সমষ্টিতেই জয়লাভ কৰিব বুলি দাবী কৰিছে দেবলাল গাৰ্লোচাই ৷ বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি দেবলাল গাৰ্লোচাই কয় যে, যোৱা 7 বছৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ক্ষমতাত থকা বিজেপি দলে ডিমা হাছাও জিলাত শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি গৈছে ৷

তেওঁ কয় যে, 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ 12 জানুৱাৰীত ভোট গণনা হ’ব আৰু বিহুৰ পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত বিজেপি দলে পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্ত্যব কৰে দেবলাল গাৰ্লোচাই ৷ তেওঁ আৰু কয় যে, দুই এদিনৰ ভিতৰতে বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব ৷ এইবাৰ নিৰ্বাচনত বিজেপিয়ে শান্তি, উন্নয়ন আৰু পথ নিৰ্মাণৰ লগতে শিক্ষা, স্বাস্থ্য, পৰ্যটনল কৃষি ক্ষেত্ৰৰ উন্নয়নৰ ইছ্যুলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কয় গাৰ্লোচাই ৷

দেবলাল গাৰ্লোচাই কয় যে, বিজেপি দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক কোন বিৰোধ নাই ৷ পৰিষদৰ অধিকাংশ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ একাধিক হ’লে তাতো কোনো সংঘাত নহ’ব ৷ তেওঁ কয় যে, গণতান্ত্ৰিকভাবে সকলোৰে প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ আছে কিন্তু টিকিট পাব এজনেই আৰু প্ৰাৰ্থীৰ বিষয়টো ঠিক কৰিব দলে ৷ মুখ দেখি বিজেপি দলে কাকো দলীয় টিকট প্ৰদান নকৰে ৷ যাৰ লগত জনসমৰ্থন আছে, যি সকল নেতাই কাম কৰিছে দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি কয় তেওঁ ৷

ইতিমধ্যে ডিমা হাছাও জিলাৰ বিজেপিৰ নিৰ্বাচন কমিটিৰ অধ্যক্ষ বিত্তমন্ত্ৰী অজন্তা নেওগে হাফলং ভ্ৰমণ কৰি বিজেপিৰ মণ্ডল কমিটি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত বহিছে বুলি কয় তেওঁ ৷ তদুপৰ প্ৰাৰ্থিত্বৰ বাবে বিজেপি দলৰ পৰ্যবেক্ষকে প্ৰতিটো সমষ্টি পৰিদৰ্শন কৰি প্ৰতিবেদন জমা দিয়াৰ পিচতে দল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে প্ৰাৰ্থিত্বৰ বিষয়টো ঠিক হ’ব বুলি সদৰী কৰে দেবলাল গাৰ্লোচাই ৷ সংবাদমেল যোগে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলক শান্তিপূৰ্ণ ভাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনায় দেবলাল গাৰ্লোচাই ৷

লগতে পঢ়ক : নলবাৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.