ETV Bharat / state

ভোটৰ স্বাৰ্থত বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে বিৰোধী দলেঃ দেৱলাল গাৰ্লচা

উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চি.ই.এম দেৱলাল গাৰ্লচাৰ বিস্ফোৰক মন্তব্য ৷ জিলাখনত ভোটৰ স্বাৰ্থত বিৰোধীয়ে বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগ নেতা গৰাকীৰ ৷

author img

By

Published : Oct 17, 2020, 6:43 PM IST

CEM Deval Garlsa Reaction On Election
ভোটৰ স্বাৰ্থত বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে বিৰোধী দলেঃ সিইএম দেৱলাল গাৰ্লচা

ডিমা হাছাও, 17 অক্টোবৰ : ডিমা হাছাও জিলাত বাংলাদেশী মুছলমানক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ বিৰোধী ৰাজনৈতিক দল একলগ হৈ ভোটৰ স্বাৰ্থত বাংলাদেশী মুছলমানক ৰক্ষণাবেক্ষণ দিয়াৰ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চি.ই.এম দেৱলাল গাৰ্লচাই ।

শনিবাৰে হাফলং জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাত উপস্থিত থাকি চি.ই.এম দেৱলাল গাৰ্লচাই কয় যে, জিলাখনত বৃটিছৰ সময়তে ৰে'লপথ নিৰ্মাণৰ বাবে আফগানিস্তানৰ পৰা অহা দুই এটা মুছলিম পৰিয়াল আছে যদিও বাংলাদেশী মুছলাম ইয়াত থাকিব নোৱাৰিব । দেৱলাল গাৰ্লচাই লগতে উল্লেখ কৰিলে যে, ডিমা হাছাও জিলাত এজন বিধায়ক আছে আৰু অহা বিধানসভা নিৰ্বাচনত বিজেপিৰ যিকোনো এজন প্ৰাৰ্থীক আমি জিকাই আনিম।

বিজেপিৰ অসম প্ৰদেশৰ মিশ্ব্যন অনুযায়ী আগন্তুক নিৰ্বাচনত 100 খন আসন লাভ কৰিব বুলিও উল্লেখ কৰিলে চি.ই.এম দেৱলাল গাৰ্লচাই । চি.ই.এম. গৰাকীৰ মতে, ডিমা হাছাও জিলাৰ একমাত্ৰ হাফলং বিধানসভা সমষ্টিৰ পৰা দলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক : বিজেপিক ৰোধিবলৈ আঞ্চলিক দলসমূহৰ লগ লাগিব আঞ্চলিক গণ মৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.