ETV Bharat / state

বিৰোধী শূন্য ডিমা হাছাও, 25 টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ, নিৰ্দলীয়ৰ দখলত তিনি সমষ্টি, - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব

বিৰোধী শূন্য ডিমা হাছাও ৷ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ নিশ্চিহ্ন হৈ পৰে ডিমা হাছাও জিলাত । 28 টা সমষ্টিৰ ভিতৰত 25 টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে । 3 টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কৃতজ্ঞতা প্ৰকাশ ৷

BJP WINS NCHAC POLLS AGAIN
বিৰোধী শূণ্য ডিমা হাছাও
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 7:15 AM IST

Updated : Jan 13, 2024, 2:25 PM IST

বিৰোধী শূণ্য ডিমা হাছাও

হাফলং 13 জানুৱাৰী: বিপুল সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ পুনৰ বিজেপিৰ দখলত । পৰিষদৰ 28 টা সমষ্টিৰ ভিতৰত 25 টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে । 3 টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

আনহাতে, এটা সমষ্টিতো জয়ৰ মুখ দেখা নাই তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলে । পাৰ্বত্য পৰিষদৰ দিহাংগী সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা । হাতীখালি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী নিৰঞ্জন হোজাইয়ে জয়লাভ কৰে । ইপিনে চেমখৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰানু লাংথাচাই পৰাজয় বৰণ কৰে ৷ দিহামলাই সমষ্টিত বিজেপি প্ৰাৰ্থী নামৰাং জেমি আৰু দলং সমষ্টিত বিজেপি প্ৰাৰ্থী এছ টি জেম ৰাংখল পৰাজিত হয় । এই তিনিটা সমষ্টিত ক্ৰমে নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোং, ৰাংগালুংবে জেমি আৰু জন পাইতঙে জয়লাভ কৰে ।

ইপিনে দাওতোহাজা সমষ্টিৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী সমৰজিত হাফলংবাৰ পৰাজিত হয় ।

  • Gratitude to the people of Dima Hasao for their faith in @BJP4Assam. Our Party will always work to fulfil people’s aspirations. I also laud our Party Karyakartas for their hardwork. https://t.co/mE9Z6T2agw

    — Narendra Modi (@narendramodi) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

পাহাৰীয়া জিলাখনত বিজেপি প্ৰাৰ্থীৰ বিপুল জয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সন্তোষ প্ৰকাশ কৰে আৰু দলটোৰ প্ৰতি ডিমা হাছাওবাসীৰ অগাধ বিশ্বাসৰ বাবে কৃতজ্ঞতা জনায় ৷

  • Gratitude to the people of Dima Hasao for placing their trust in @BJP4Assam.

    This victory shows the people's approval for the developmental works carried out by our double-engine government under the visionary leadership of Hon. PM Shri @narendramodi Ji.

    I congratulate our… https://t.co/Lifnuy20fd

    — Jagat Prakash Nadda (@JPNadda) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিজয়ত সন্তোষ প্ৰকাশ কৰাৰ লগতে দলীয় কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জনায় ।

  • Thank you Dima Hasao!

    The resounding mandate given by the people to @BJP4Assam in the North Cachar Hills Autonomous Council elections is a reassertion of the immense faith they have on the developmental agenda of Hon’ble Prime Minister Shri @narendramodi ji.

    This victory… pic.twitter.com/P70KMkZKID

    — Himanta Biswa Sarma (@himantabiswa) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

পৰিষদৰ 28 টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকল হৈছে

০১. হাফলং - ডনফাইনন থাওচেন (বিজেপি)

০২. জাতিঙ্গা- ফ্লামিং ৰূপচি শ্যেল্লা (বিজেপি)

০৩. বৰাইল- আমিন লিয়েন্থাণ্ড (বিজেপি)

০৪. মাহুৰ- প্ৰবিথা জোহোৰী (বিজেপি)

০৫. জিনাম- জসুমথাং হমাৰ (বিজেপি)

০৬. হেংগ্ৰাম- নোহা দৈমে (বিজেপি)

০৭. লাইচং- পাউডামিং নৰিয়ামে (বিজেপি)

০৮. দাওতুহাজা- প্ৰনাথ ৰাজীয়ুং (বিজেপি)

০৯. মাইবাং পূব- মনজয় লাংথাচা (বিজেপি)

১০. মাইবাং পশ্চিম- মোহেত হোজাই (বিজেপি)

১১. কালাচান্দ-ৰতন জাৰাম্বুচা (বিজেপি)

১২. ৱাজাও- বিশ্বজিৎ দাওলাগুপু (বিজেপি)

১৩. হাজাদিচা-প্ৰজিত হোজাই (বিজেপি)

১৪. লেংটিং-ধৃতি থাওসেন (বিজেপি)

১৫. হাতীখালি-নিৰঞ্জন হোজাই (বিজেপি)

১৬. দিয়ুংব্ৰা-ৰূপালী লাংথাচা (বিজেপি)

১৭. গৰমপানী- সম্মিমগ ইংটি (বিজেপি)

১৮. খাৰথং-লালৰেমচিয়ামা ডাৰ্নি (বিজেপি)

১৯. দেহাংগী-দেবলাল গৰ্লোচা (বিজেপি)

২০. গানজং-নজিৎ কেম্পৰাই (বিজেপি)

২১. হাডিংমা-দেৱজিৎ বাথাৰী (বিজেপি)

২২. দিহামলাই-ৰামগালুংবে জেম (নিৰ্দলীয় )

২৩. হাৰাংগাজাও-এমেণ্ডু হোজাই (বিজেপি)

২৪. হামৰি-মনজিৎ নাইডিং (বিজেপি)

২৫. লৱাৰ খাৰথং- নগামৰোথাং মাৰ (বিজেপি)

২৬. ডলং-ঝন ফাইটং (নিৰ্দলীয়)

২৭. ডিগাৰ-হান চেমুৱেল চাংচান (বিজেপি)

২৮. চেমখৰ-হেৰ’জিত জিদুং (নিৰ্দলীয়)

নিৰ্বাচনত জয়ী হৈ দেবোলাল গাৰ্লোচাই কয়, "ডিমা হাছাও জিলাত যোৱা 7 বছৰৰ বিজেপি দলৰ উন্নয়নমূলক কাম দেখি জনতাই দলটোৰ প্ৰতি সহাঁৰি দিছে ।"

লগতে পঢ়ক: উত্তৰ কাছাৰত পুনৰ উৰিল বিজেপিৰ ধ্বজা

Last Updated : Jan 13, 2024, 2:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.