হাফলং, 8 জানুৱাৰী : ব্যাপক খেলিমেলিৰ মাজেৰে আজি সম্পন্ন হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা ব্যৱস্থা কটকটকীয়া কৰি তোলা হৈছিল যদিও ৷ ইয়াৰ মাজতে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰিগিং, ভোট কেন্দ্ৰ দখল আৰু ৰাজহুৱাভাৱে ধন দি ভোটাৰক প্ৰলোভিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে বিজেপি দলৰ বিৰুদ্ধে ৷
আজি পুৱা হাতীখালি সমষ্টিত ভোটাৰৰ মাজতে বিজেপি প্ৰাৰ্থী নিৰঞ্জন হোজায়ে ধন বিলাই থকাৰ এটা ভিডিঅ’ পোহৰলৈ আহে ৷ ইয়াৰ উপৰিও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ একাংশ কৰ্মীয়ে বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত বলপূৰ্বক প্ৰবেশ কৰি ভোট দিয়াৰ অভিযোগ উঠিছে ৷
বিশেষকৈ পৰিষদৰ চেমখৰ সমষ্টিত বিজেপিয়ে ব্যাপক ৰিগিং কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি বহু ভোটাৰক ভয়-ভাবুকি দেখুৱাই ভোটদান কৰিবলৈ হেঁচা দিয়াৰো অভিযোগ উত্থাপিত হৈছে বিজেপিৰ একাংশ কৰ্মীৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে নহে চেমখৰ সমষ্টিৰ বহু ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত বেলট পেপাৰো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ।
আনহাতে, পৰিষদৰ দিগেৰ সমষ্টিত বিজেপি প্ৰাৰ্থী চেময়েল চাংচনে মৌলকন ভোটকেন্দ্ৰ জোৰকৈ দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ ইয়াৰ উপৰিও পুৱাৰে পৰা দিগেৰ সমষ্টিৰ থিংভূম গাঁৱৰ লেটখোলাল নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু ইমানৰ পিচতো এই ভোটদান কেন্দ্ৰত ভোটগ্ৰহণ লেহেমীয়া হোৱাৰ অভিযোগ তুলিছে ভোটাৰসকলে ৷
আনকি গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰো অভিযোগ উঠিছে বিজেপিৰ বিৰুদ্ধে । বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, ডিমা হাছাও জিলাত ভোটৰ হাৰ 55 শতাংশ ৷ দুপৰীয়াৰ ভাগলৈ এই ভোট দানৰ হাৰ আছিল 33 শতাংশ ৷
লগতে পঢ়ক : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন: দুপৰীয়া 12 বজালৈ 33 শতাংশ ভোটদান