ETV Bharat / state

বিজেপিৰ জয়ে আনন্দৰ বন্যা বোৱাইছে ডিমা হাছাওত

author img

By

Published : May 24, 2019, 10:34 PM IST

শুকুৰবাৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি নিপোলাল হোজায়ে বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰে, সংবাদমেলত বিজেপিৰ জয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অমিত শ্বাহ,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক শুভেচ্ছা জ্ঞাপন কৰে নিপোলাল হোজায়ে ৷

ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজায়ৰ সংবাদমেল

ডিমা হাছাও,২৪মে' : সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য কৰাৰ পাছতেই ৰাজ্যত আনন্দময় পৰিৱেশৰ সৃষ্টি হয় । শুকুৰবাৰে ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজায়ে বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিজেপিৰ প্ৰতিগৰাকী নেতা আৰু কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ বাবে হাফলং বিধানসভা সমষ্টিত বিজেপিয়ে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । হাফলং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ কাৰণে সভাপতিগৰাকীয়ে ভোটাৰ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে সমগ্ৰ দেশত বিজেপিয়ে এক অভাৱনীয় ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অমিত শ্বাহ,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক শুভেচ্ছা জ্ঞাপন কৰে নিপোলাল হোজাই ।

ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজায়ৰ সংবাদমেল

আনহাতে, ৩৫ বছৰে কংগ্ৰেছে আধিপত্য চলায় যোৱা ডিফু লোকসভা সমষ্টিত বিজেপিয়ে সফলতা লাভ কৰাত সমষ্টিবাসী আনন্দিত বুলি মন্তব্য কৰে ।

Intro:ডিমা হাছাও ২৪ মে: পাহাৰত বিজেপিৰ অভাৱনীয় ফলাফলত উৎফুল্লিত বিজেপিৰ প্রতিটো নেতাকৰ্মী। প্ৰথমবাৰ পাহাৰত পদুম ফুটিল। যোৱা ৩৫টা বছৰ ডিফু লোকসভা সমষ্টিখন কংগ্ৰেছৰ দখলত আছিল। কিন্তু একো উন্নয়ন হোৱা নাই বুলি ৰাইজৰ অভিযোগ। এবাৰৰ লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজে তাৰ যোগ্য জবাব দিলে বুলি মন্ত্যৱ কৰে ডিমা হাছাও জেলা বিজেপিৰ সভাপতি নিপোলাল হোজাইযে।Body:ডিমা হাছাও জিলা বিজেপিৰ সভাপতি নিপোলাল হোজাই হাফলংত আজি বাজপেয়ী ভৱনত এক সংবাদমেল কৰি কয়। ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিত বিজেপি ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। সংবাদমেলত নিপোলাল হোজাইয়ে কয় হাফলং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী হৰেন সিং বে ৭৩১৬৫ টা ভোট লাভ কৰাৰ বিপৰীতে ২৮৬১৮ টা ভোট লাভ কৰে।Conclusion:জিলা সভাপতি নিপোলাল হোজাই সংবাদমেলত মন্ত্যৱ কৰি কয় বিজেপিৰ প্ৰতিটো নেতা আৰু কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ কাৰণেই হাফলং বিধানসভা সমষ্টিত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে বিজেপি দলে। হাফলং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰাৰ কাৰণে ভোটাৰ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে গোটেই দেশত বিজেপি এয়া অভাৱনীয় ফলাফলৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমিত সাহ অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ধন্যবাদ জ্ঞাপন কৰে নিপোলাল হোজাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.