ডিমা হাছাও, 6 জানুৱাৰী : 21 নিৰ্বাচনৰ মন্ত্ৰণা লৈ দুদিনীয়া ভ্ৰমণসূচীৰে ডিমা হাছাওত উপস্থিত হয় বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা প্ৰভাৰী অজয় জামৱাল, বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সহ-প্ৰভাৰী পৱন শৰ্মা আৰু শিলচৰৰ সাংসদ তথা অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক ডঃ ৰাজদীপ ৰায় । শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰা পিচতেই হাফলঙত আহি উপস্থিত হয় বিজেপিৰ তিনিওগৰাকী নেতা ।
এই উপলক্ষে বুধবাৰে হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিৰ্বাচন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাতে নেতা কেইগৰাকীয়ে ডিমা হাছাও জিলা বিজেপিৰ সকলো স্তৰৰ নেতা-কৰ্মীৰ সৈতে মিলিত হয় ৷
এই সভাৰ পিচতে সাংবাদিকৰ আগত কেন্দ্ৰীয় নেতা অজয় জামোয়ালে কয়, অহা নিৰ্বাচনত বিজেপিৰ 100 আসনৰ যি লক্ষ্য আছে তাতকৈয়ো বেছি আসন লাভ কৰিব বিজেপি দলে । এই লক্ষ্যৰে বিজেপিৰ সকলো স্তৰৰ নেতা কৰ্মীয়ে সাংগঠনিক ক্ষেত্ৰত কাম কৰি গৈছে বুলি মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷
উল্লেখ্য যে, নেতা কেইগৰাকীয়ে 21 ৰ নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি বৰাকত নিৰ্বাচনী ৰণকৌশল তৈয়াৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ বাঘ গণনা প্ৰক্ৰিয়া