ETV Bharat / state

ডিমা হাছাওত নিৰ্বাচনী হিংসা: কংগ্ৰেছ কৰ্মীক আক্ৰমণ - bjp and congress worker clash

বৃহস্পতিবাৰে দিহাংগী আৰক্ষী থানাৰ অন্তৰ্গত ডিকেৰেংমা গাঁৱত গ্ৰাম প্ৰধান হলেন্দ্ৰ ওয়াৰিচাৰ ঘৰত যুৱ কংগ্ৰেছৰ সদস্যসকলে এক সভাৰ আয়োজন কৰিছিল । সেই সময়তে বিজেপি দলৰ গুণ্ডা বাহিনীয়ে দুখন বাহন লৈ তাত উপস্থিত হয় আৰু কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ডেনিয়েল লাংথাচাই ।

ডিমা হাছাওত নিৰ্বাচনী হিংসা, কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ

author img

By

Published : Mar 20, 2021, 3:26 PM IST

ডিমা হাছাও,২০ মাৰ্চ: ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে কিছুমান অঞ্চলত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে । স্পৰ্শকাতৰ অঞ্চল হিচাপে চৰ্চিত ডিমা হাছাও জিলাতো বৃহস্পতিবাৰে নিশা সংঘটিত হয় তীব্ৰ হিংসাত্মক ঘটনা ।

ডিমা হাছাওত নিৰ্বাচনী হিংসা, কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ
ডিমা হাছাওত নিৰ্বাচনী হিংসা, কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ

ডিমা হাছাও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ডেনিয়েল লাংথাচাই জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে দিহাংগী আৰক্ষী থানাৰ অন্তৰ্গত ডিকেৰেংমা গাঁৱত গ্ৰাম প্ৰধান হলেন্দ্ৰ ওয়াৰিচাৰ ঘৰত যুৱ কংগ্ৰেছৰ সদস্যসকলে এক সভাৰ আয়োজন কৰিছিল । সেই সময়তে বিজেপি দলৰ গুণ্ডা বাহিনীয়ে দুখন বাহন লৈ তাত উপস্থিত হয় । তাৰ পিছত বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ডেনিয়েল লাংথাচাই ।

ডেনিয়েল লাংথাচাৰ অভিযোগ অনুসৰি কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰাৰ উপৰিও চাৰিখনকৈ বাহন ভাঙি লণ্ড-ভণ্ড কৰে বিজেপিৰ গুণ্ডা বাহিনীয়ে । শুকুৰবাৰে এই সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱ কংগ্ৰেছৰ ফালৰ পৰা ২৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিহাংগী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: এইবাৰ বৰাকত বিজেপিৰ পতন নিশ্চিত: দিলীপ পাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.