ডিমা হাছাও,১৯ মে' : এতিয়া একাদশ ভাষা শ্বহীদ দিৱস মাথো বৰাক উপত্যকাৰ মাজতেই সীমাবদ্ধ নহয় । দেশৰ বিভিন্ন প্ৰান্তত ১৯ মে'ৰ এই দিনটো একাদশ ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । দেওবাৰে ডিমা হাছাও জিলাৰ সদৰ চহৰৰ হাফলঙত পালন একাদশ ভাষা শ্বহীদ দিৱস । এই দিৱস পালন কৰে ডিমা হাছাও সাহিত্য সংস্কৃতি পৰিষদে ।
ৰাতিপুৱা ৮ টা বজাত হাফলং সাংস্কৃতিক ভৱনত অস্থায়ী শ্বহীদ বেদীত হাফলং চহৰৰ বিশিষ্ট ব্যক্তি আৰু সাধাৰণ ৰাইজে একাদশ ভাষা শ্বহীদক স্মৰণ কৰাৰ পিছত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে । অনুষ্ঠান উপস্থিত আছিল অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰবন্ধকাৰ তন্ময় ভট্টাচাৰ্য্য।উল্লেখ্য যে,১৯৬১ চনৰ ১৯ মে শিলচৰ ৰে'ল ষ্টেচনত নিজৰ মাতৃভাষা ৰক্ষাৰ কাৰণে আৰক্ষীৰ গুলিত শ্বহীদ হৈছিল ১১ জন ব্যক্তি । তাৰ পিছৰ পৰাই ১৯ মে' দিনটো একাদশ ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ।