ডিমা হাছাও, 29 ডিচেম্বৰ : ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ বাবে চৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰে ৰাইজক আহ্বান জনাই আহিছে ৷ ক'ভিড ভেকচিন গ্ৰহণ কৰিলে মাৰাত্মক ক'ৰণা ভাইৰাছৰ পৰা যে হাত সাৰি থাকিব পাৰি সেই বিষয়েও চিকিৎসকসকলেও ৰাইজৰ মাজত সজাগতে সৃষ্টি কৰি আহিছে ৷
তেনে সময়তে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ বহু কেইখন গাঁৱত এতিয়াও ক'ভিড ভেকচিন প্ৰদানৰ হাৰ শূণ্য শতাংশ। ইয়াৰ মূল কাৰণ হৈছে ক'ৰনাৰ ভেকচিনক লৈ বিভিন্ন ধৰণৰ উৰা বাতৰি । যাৰ বাবে পাহাৰীয়া জিলাখনৰ বহু কেইখন গাঁৱত এতিয়া ভেকচিন লোৱাৰ ক্ষেত্ৰত অমান্তি হৈছে গাঁওকেইখনৰ ৰাইজ ।
জিলাখনৰ বিভিন্ন গাঁৱত এতিয়া উৰা বাতৰি বিয়পিছে যে, ক'ৰনাৰ ভেকচিন ল'লে দুই বছৰৰ ভিতৰত ভেকচিন লোৱা ব্যক্তি গৰাকীৰ মৃত্যু হ’ব। ইয়াৰ উপৰিও চৰকাৰে এই ভেকচিনৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণ কৰিব বিচাৰিছে ৷ এনে উৰাবাতৰিৰ বাবেই ডিমা হাছাও জিলাৰ ডিমাছা, জেমি নগা, মাৰ, কুকি আদি জনবসতিপূৰ্ণ গাঁও সমূহত ভেকচিন লোৱাৰ হাৰ শূণ্য শতাংশতকৈও কম বুলি জানিব পৰা গৈছে ।
যাৰ বাবে মঙ্গলবাৰ বিয়লি ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উদ্যোগত হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শীৰ্ষ সংগঠন আৰু চাৰ্চ লিডাৰ সকলৰ লগত এখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ উক্ত বৈঠকত উপস্থিত থাকে অতিৰিক্ত জিলা উপযুক্ত এল খংতে, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালি বৰ্মন, চিফ মেডিকেল অফিচাৰ ডাঃ মেৰিনা চাংছনকে ধৰি বহুকেইগৰাকী বিষয়া ।
পাহাৰীয়া জিলা সমূহৰ গ্ৰামাঞ্চলৰ বাসিন্দা সকলৰ মাজত ক'ৰণাৰ ভেকচিন প্ৰদানক লৈ উৰা বাতৰিৰ বাবে যি ধৰণৰ ভয় ভীতি সৃষ্টি হৈছে তাক লৈ গাঁও সমূহত সজাগতা অভিযান চলাই 100 শতাংশ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে(Awareness meeting of district health and family welfare department)।
লগতে পঢ়ক : Coronavirus Research : ক'ভিড প্ৰতিষেধক প্ৰস্তুতৰ দাবী ধেমাজিৰ যুৱকৰ !