ETV Bharat / state

কাৰ্বি আংলঙত ক’ভিডৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি একাংশৰ - একাংশ ব্যৱসায়ী

ডিমা হাছাও জিলাত ক’ভিডৰ নীতি নিৰ্দেশনাক ভেঙুচালি একাংশৰ ৷ হাফলঙত শনিবাৰৰ সাপ্তাহিক বজাৰত ক’ভিডৰ নীতি নিৰ্দেশনা অমান্য কৰি ওলাই আহিল জনতা ৷

কাৰ্বি আংলঙত ক’ভিডৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি একাংশৰ

author img

By

Published : May 15, 2021, 6:24 PM IST

ডিমা হাছাও 15 মে': শনিবাৰে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত একাংশ ৰাইজৰ ক’ভিডক লৈ জাৰি কৰা চৰকাৰী নীতি নিৰ্দেশনাক অমান্য কৰা পৰিলক্ষিত হৈছে । হাফলঙৰ একাংশ ৰাইজৰ দায়িত্বহীনতাৰ বাবে এতিয়া ক’ভিডৰ পৰিস্থিতি বেয়াৰ দিশে ধাৱিত হৈছে । ডিমা হাছাও জিলাৰ উপায়ুক্তই 144 ধাৰাৰ অধীনত ডিমা হাছাও জিলাৰ সকলো সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷

তাৰ পাছতো একাংশ ব্যৱসায়ী আৰু ৰাইজে চৰকাৰী নিয়ম নীতিক ভেঙুচালি দেখুৱাই হাফলঙৰ সাপ্তাহিক বজাৰত ভীৰ কৰিছে ৷ ক‘ভিড- 19 ক লৈ ৰাইজৰ মাজতে নাই কোনো ধৰণৰ সজাগতা । উল্লেখ্য যে, শনিবাৰে হয় হাফলঙৰ সাপ্তাহিক বজাৰ দিন ৷ প্ৰশাষনে এই সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়াৰ পাছতো সাপ্তাহিক বজাৰখন বহে হাফলঙত । কিন্তু ইয়াৰ পিছতো জিলা প্ৰশাসন, হাফলং নগৰ সমিতি, জিলা দুৰ্যোগ প্ৰশমন বিভাগ বা আৰক্ষীৰ কোনো তৎপৰতা পৰিলক্ষিত নহ’ল হাফলং চহৰত ৷

হাফলং নগৰ সমিতিয়ে এই ঘটনাক লৈ আৰক্ষীক জগৰীয়া কৰিছে ৷ আনফালে আৰক্ষীয়ে এই পৰিস্থিতিৰ বাবে নগৰ সমিতিক জগৰীয়া কৰা পৰিলক্ষিত হৈছে ৷ এতিয়া এনেদৰেই ইটো বিভাগে আনটো বিভাগলৈ দোষ ঠেলিয়েই ক’ভিডৰ মাজতে চলাই গৈছে বোকা ছটিওৱাৰ এখন নাটক ৷

লগতে পঢ়ক : প্ৰথম বছৰতে 4 কোটি ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.