ডিমা হাছাও, 8 মেঃ ডিমা হাছাও জিলাৰ ডি এইচ ডি জুয়েল গোটে 2009 চনত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ পিচৰ পৰা জিলাখনত এক শান্তিপূৰ্ণ বাতাবৰণৰ সৃষ্টি হৈছিল যদিও এই শান্তিপূৰ্ণ পৰিৱেশ অতিশীঘ্ৰে অশান্ত হোৱাৰ শংকা প্ৰকাশ কৰিছে ডিমা হাছাওৰ ৰাইজসকলে ৷ প্ৰথমে মন কৰক এই দৃশ্য । প্ৰাপ্ত তথ্য অনুসৰি "ডিমাছা নেচনেল লিবাৰেশ্যন আৰ্মি চমুকৈ (ডি এন এল এ)" নামৰ নতুন এক উগ্ৰপন্থী সংগঠন জন্ম হৈছে ডিমা হাছাও জিলাত। ডিমাছা জনগোষ্ঠীৰ অধিকাৰ ও সুৰক্ষাৰ বাবে সৃষ্টি কৰা হৈছে এই উগ্ৰপন্থী সংগঠনটো ৷ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে এই ঘটনা সন্দৰ্ভত কয় যে এই উগ্ৰপন্থী সংগঠনটো বৰ্তমানে ইমানো সক্ৰিয় হোৱা নাই ৷ মাথোঁ পাঁচ ছয় জন সদস্য থকা এই গোটটোক আৰক্ষীয়ে অতিশীঘ্ৰে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷
ইয়াৰোপৰি আৰক্ষীয়ে ইতিমধ্যে পাহাৰীয়া জিলাখনত উগ্ৰপন্থী গোটৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। দেওবাৰে ডিমা হাছাও আৰক্ষীয়ে লাংটিঙৰ পৰা ডিমাছা নেচনেল লিবাৰেশ্যন আৰ্মিৰ লিংকমেন বাপন নাইডিংকক গ্ৰেপ্তাৰ কৰাৰ লগতে কাৰ্বি-আংলংৰ ডিফু আৰক্ষী থানাৰ অন্তৰ্গত মিছাবদেয়ান গাঁওৰ পৰা লংদীপ চৰঙপাংসা নামৰ আৰু এজন লিংকমেনক গ্ৰেপ্তাৰ কৰে। লংদীপৰ পৰা আৰক্ষীয়ে এটা পইন্ট টু টু পিষ্টল এটা কার্টিজ ও পাঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰা বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে।