ETV Bharat / state

Minister Jogen Mohan: ডিমা হাছাও জিলাত আমোল পৰিৱৰ্তন হৈছে; যোগেন মহন - দেৱলাল গাৰ্লোচা

ডিমা হাছাও জিলাত অনুষ্ঠিত বিজেপিৰ এক সভাত দেৱলাল গাৰ্লোচাক ভূয়সী প্ৰশংসা মন্ত্ৰী যোগেন মহনৰ ৷ দেৱলাল গাৰ্লোচাৰ নেতৃত্বত উত্তৰ কাছৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ যথেষ্ট পৰিৱৰ্তন সাধন হোৱা বুলি মন্তব্য ৷

Minister Jogen Mohan
Minister Jogen Mohan
author img

By

Published : Jun 10, 2023, 8:13 PM IST

ডিমা হাছাও জিলাত আমোল পৰিৱৰ্তন হৈছে; যোগেন মহন

হাফলং 10 জুন: দেৱলাল গাৰ্লোচাৰ নেতৃত্বত ডিমা হাছাও জিলাৰ (Dima Haso district) আমোল পৰিৱৰ্তন ঘটিছে ৷ এই মন্তব্য ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মোহনৰ ৷ শনিবাৰে পাহাৰীয়া জিলাখনত অসমত বিজেপি চৰকাৰৰ 7 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা 7 বছৰত ডিমা হাছাও জিলাৰ আমোল পৰিবৰ্তন হৈছে ৷ শিক্ষাৰ পৰা আৰম্ভ কৰি পথ নিৰ্মাণ আৰু অন্যান্য দিশত বা দুখীয়া লোকসকলৰ সহায় কৰাৰ ক্ষেত্ৰতো চৰকাৰী প্ৰকল্পসমূহৰ জৰিয়তে সফলৰূপে কাম কৰি গৈছে দেৱলাল গাৰ্লোচাই ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ শক্তি বৃদ্ধি হোৱাৰ উপৰিও পৰ্যাপ্ত পৰিমাণে এতিয়া পুঁজি আহি আছে (North Cachar Hills Autonomous Council) ৷’’

তেওঁ লগতে কয়, ‘‘2022 চনত ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল ৷ কিন্তু তিনি মাহৰ ভিতৰতে পাহাৰীয়া জিলাখন সুচল কৰি তোলাৰ ক্ষেত্ৰত দেৱলাল গাৰ্লোচাই যিদৰে কাম কৰি গৈ জিলাখনক সুচল কৰি তুলিছিল সেয়া সকলোৱেই স্বীকাৰ কৰিব লাগিব ৷’’

ডিমা হাছাও জিলাৰ বিভিন্ন পথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 4 হাজাৰ কোটি টকা আৱণ্টন দিছে আৰু ইয়াৰ উপৰিও শান্তি চুক্তি অনুসৰি 200 কোটি টকাৰ পুঁজি মুকলি কৰি দিয়াৰ কথাও সদৰী কৰে মন্ত্ৰী যোগেন মহনে (Development project in Dima Hasao) ৷

মন্ত্ৰী যোগেন মহনে আৰু কয়, ‘‘প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাও জিলা পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ এই পাহাৰীয়া জিলালৈ পৰ্যটকসকল আহিলে জিলাখনৰ অৰ্থনৈতিক উন্নয়ন হ’ব আৰু নিবনুৱা সমস্যাৰ সমাধান হ’ব ৷’’ ডিমা হাছাও জিলাৰ ইণ্ডিজেনাচ পিপলচ্ ফৰামৰ সমস্যাৰ সমাধান অনতিপলমে হ’ব বুলি কৈ তেওঁলোক আলোচনাৰ মাজলৈ আহিছে বুলিও মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

শনিবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক মায়ঙ্ক কুমাৰকে ধৰি পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকল ৷

লগতে পঢ়ক: Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.