ETV Bharat / state

Appointment letter distribution: ডিমা হাছাওত ৬৫ গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ নিযুক্তি

author img

By

Published : Nov 4, 2022, 9:23 PM IST

ডিমা হাছাওত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী(Appointment letter distribute programme) । ৬৫ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ।

appointment letter distribution programme
ডিমা হাছাওত ৬৫ গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ নিযুক্তি

হাফলং,৪ নৱেম্বৰ: ডিমা হাছাও জিলাত শুক্ৰবাৰে ৬৫ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই(Appointment letter distribution programme) । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালত আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰ তুলি দিয়া হয় । জিলাখনৰ শিক্ষা বিভাগৰ অধীনত জিলাৰ বিভিন্ন হাইস্কুলত এই নিযুক্তি প্ৰদান কৰা হয়(Employment to 65 unemployed youth) ।

ডিমা হাছাও জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে পাহাৰীয়া জিলাৰ স্থানীয় নিবনুৱা যুৱক যুৱতীক চাকৰীৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয় । কিন্তু জিলা শিক্ষা বিভাগত আজি যি নিযুক্তি পত্ৰ দিয়া হৈছে ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে । আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয় যে অসমৰ অন্যতম পাহাৰীয়া জিলাৰ শিক্ষাৰ মান উন্নয়নৰ বাবে ডিমা হাছাও জিলাৰ বাহিৰৰ প্ৰাৰ্থীক এইবাৰ অগ্ৰাধিকাৰ দিয়া হৈছে । যাতে পাহাৰীয়া জিলাখনৰ শিক্ষাৰ মান অধিক উন্নত হয় । উল্লেখযোগ্য শুক্ৰবাৰে যি ৬৫ গৰাকী টেট পৰীক্ষাত উত্তীৰ্ণ যুৱক-যুৱতীক নিযুক্তিপত্ৰ তুলি দিয়া হয় । এই অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা শিক্ষা বিভাগৰ কাৰ্যনিৰ্বাহ সদস্য লালচিয়ামে দাৰনে আদি ।

লগতে পঢ়ক: Wild Elephant at Sonapur: ঘৰৰ চোতালত বন্যহস্তীৰ দপদপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.