ETV Bharat / state

ৰাজ্যত এতিয়া পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী ! - karbi Anglang

সংবিধানৰ অনুচ্ছেদ ২৪৪(এ) অনুসৰি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী লৈ সৰব হৈ উঠিল ডিমা হাছাও জিলা কংগ্ৰেছ।

ৰাজ্যত এতিয়া পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী !
author img

By

Published : Aug 6, 2019, 7:36 PM IST

ডিমা হাছাও, ৬ আগষ্ট: জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক ২০১৯ আৰু অনুচ্ছেদ ৩৭০ প্ৰত্যহাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পিছত এতিয়া জ্বলিছে অসম ৷ সংবিধানৰ অনুচ্ছেদ ২৪৪(এ) অনুসৰি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী লৈ সৰব হৈ উঠিল ডিমা হাছাও জিলা কংগ্ৰেছ। আজি হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু সহ-সভাপতি দেপোলাল হোজাইয়ে কয়,

''জম্মু কাশ্মীৰ পুনৰগঠন আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰে ২৪৪(এ) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়টোক গুৰুত্ব দি সফল ৰূপায়ন কৰিব লাগে। ''

ৰাজ্যত এতিয়া পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী !

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জম্মু কাশ্মীৰ পুনৰগঠন আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ বাবে যি তৎপৰতা দেখুৱালে ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ প্রক্রিয়াক লৈও তেনে তৎপৰতা দেখোৱা উচিত বুলি দেপলাল হোজাইয়ে সংবাদমেলত মন্তব্য কৰে ৷ তেঁও লগতে কয়,

''পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে ডিমা হাছাও আৰু কাৰ্বি-আংলংত সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই। কাৰণ ১৯৭১ চনত সীমা নিৰ্ধাৰণ কৰি থোৱা হৈছে। ''

Intro:ডিমা হাছাও ৬ আগষ্ট: জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক ২০১৯ আৰু অনুচ্ছেদ ৩৭০ প্ৰত্যহাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত পিছত লাদাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পিছত এতিয়া সংবিধানৰ অনুচ্ছেদ ২৪৪(এ) অনুসৰি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাকলৈ পৃথক সায়ত্ত্ব শাসিত ৰাজ্য গঠনৰ দাবী লৈ সৰব হৈ উঠিল ডিমা হাছাও জিলা কংগ্ৰেছ।Body:আজি হাফলং ৰাজীৱ ভৱনত সংবাদমেল পাতি ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচা আৰু সহ-সভাপতি দেপোলাল হোজাইয়ে কয় জম্মু কাশ্মীৰ পুনৰগঠন আৰু লাদাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰে ২৪৪(এ) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়টোক গুৰুত্ত্ব দি সফল ৰূপায়ন কৰিব লাগে।Conclusion:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহ জম্মু কাশ্মীৰ পুনৰগঠন আৰু লাদাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ হকে যেনে ধৰণৰ কাম কৰিছে এতিয়া ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ প্রক্রিয়াক লৈ কাম কৰা উচিত বুলি মন্ত্যৱ কৰি দেপলাল হোজাইয়ে সংবাদমেলত জনায় পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে ডিমা হাছাও আৰু কাৰ্বি-আংলংত সীমানা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই। কাৰণ ১৯৭১ চনত সীমানা নিৰ্ধাৰণ কৰি থোৱা হৈছে। আৰু পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে ডিমা হাছাও জিলাত এক সময়ত ব্যাপক আন্দোলন হয় ইমানতেই নহয় পৃথক ৰাজ্য গঠনৰ দাবীত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন স্বেচ্ছাসেৱী সংগঠন ও ৰাইজৰ সমৰ্থন আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.