ETV Bharat / state

দহদিনৰ ভিতৰত খোৱা পানীৰ সমস্যা সমাধান হ'ব হাফলঙত

author img

By

Published : Jun 25, 2020, 7:08 PM IST

হাফলঙত খোৱা পানীৰ সমস্যা সমাধান কৰাৰ বাবে চিগনেচাৰ প্ৰকল্পৰ অধীনত কাম আৰম্ভ হ'ব বুলি ইতিমধ্যে সাংবাদিকৰ আগত ঘোষণা কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰকাৰ্যবাহী সঞ্চালক অমেন্দু হোজাই। খোৱা পানীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিচনৰ অধীনত ডিমা হাছাও জিলাৰ গাঁও সমূহত চাৰ্ভে কাম চলি আছে বুলি জানিবলৈ দিয়ে অমেন্দু হোজাইয়ে ।

After 10 Days No Water Problem At Haphlong Said By EM Amendu Hojai
হাফলঙত 10 দিনৰ ভিতৰত খোৱা পানীৰ সমস্যা সমাধান হ'ব কেনেকৈ !

ডিমা হাছাও, 25 জুনঃ হাফলং চহৰত খোৱা পানীৰ সমস্যা সমাধানৰ বাবে চিগনেচাৰ প্ৰকল্পৰ অধীনত কাম আৰম্ভ হ'ব বুলি ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ অধীনত থকা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যবাহী সঞ্চালক অমেন্দু হোজাইৰ । হাফলংত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী অৱসান আৰু এখন পানীৰ টেংকৰাৰ উদ্বোধন কৰি আমেন্দু হোজাইয়ে কয় হাফলং চহৰত খোৱা পানীৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিষয়াজনে ।

তাৰোপৰি অমেন্দু হোজাইয়ে কয় যে, জাতিংগাৰ পৰা হাফলং পৰ্যন্ত চিগনেচাৰ প্ৰকল্পৰ অধীনত অহা 10 দিনৰ মাজত কাম আৰম্ভ হ'ব । ইয়াৰোপৰি কৃষ্ণ নগৰৰ পৰা এনএলচিপিআৰ প্ৰকল্পত আৰু আন এখন আঁচনিৰ কামো 10/15 দিনৰ ভিতৰতেই আৰম্ভ হ'ব । ইতিমধ্যে জৰাই গাঁৱৰ পৰা আৰু আন এটা প্ৰকল্পৰ বাবে ইতিমধ্যে ডিপিআৰ তৈয়াৰৰ কাম শেষ কৰা হৈছে । ইয়াৰ লগতে খোৱা পানীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিচনৰ অধীনত ডিমা হাছাও জিলাৰ গাওঁ সমূহত চাৰ্ভে কাম চলি আছে বুলি জানিবলৈ দিয়ে অমেন্দু হোজাইয়ে ।

বৃহস্পতিবাৰে সাংবাদিকৰ আগত অমেন্দু হোজাইয়ে কয় যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহাৰ সমস্যা সমাধান অহা কিছুদিনৰ ভিতৰত ঠিক হৈ যাব ৷ ইতিমধ্যে এই সংক্ৰান্তৰ ফাইল ৰাজ্যৰ বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পঠায় দিয়া হৈছে । ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত থকা পূৰ্বৰ চৰকাৰ খনে 24 গৰাকী ব্যক্তিক ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি দিছিল । যাৰ বাবে এই 24 গৰাকী কৰ্মচাৰীক দৰমহা দিয়াত সমস্যাৰ সৃষ্টি হৈছে ।

লগতে অমেন্দু হোজাইয়ে কয় যে, জনস্বাস্থ্য কাৰীকৰি বিভাগত টেকনিকেল কৰ্মী কম থকাৰ বাবে সমস্যা সৃষ্টি হৈছে আৰু অহা 2022 চনত বহু কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰাৰ পিছত 42 পৰা 50 জন কৰ্মচাৰী থাকিব ৷ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলৰ পদ বিলাক বন্ধ হৈ পৰিব যাৰ বাবে এই সমস্যা দূৰ কৰাৰ বাবে এতিয়াৰে পৰাই কাম আৰম্ভ কৰিব লাগিব বুলি কয় ইএম অমেন্দু হোজাইয়ে ।

লগতে পঢ়ক : কলা শাখাত তৃতীয় স্থানত উজলিল বৰহাপজানৰ মৌমিতা কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.