ডিমা হাছাও,8 অক্টোবৰ: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওক মুছলমান মুক্ত কৰাৰ এক হুংকাৰ প্ৰদান কৰিছে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাই । হাফলঙৰ টাউন ৰাজী কমিউনিটি ভৱনত অনুষ্ঠিত বিজেপিৰ এক ৰাজহুৱা সভাত দেৱলাল গাৰ্লোচাই এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি জিলাখন কংগ্ৰেছৰ লগতে মুছলমান মুক্ত কৰাৰ হুংকাৰ দিয়ে ৷
উল্লেখ্য যে,সাংবিধানিক পদত ন্যস্ত থকাৰ পিছতো গাৰ্লোচাই এক ৰাজহুৱা সভাত এনে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে ঢৌ উঠিছে প্ৰতিবাদৰ ৷ কিন্তু এই প্ৰসংগত ৰাজ্যিক বিজেপিয়ে এই পৰ্যন্ত প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷
জিলাখনত সংঘটিত অন্য এক চাঞ্চল্যকৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে ৷ বিগত 8 মাহৰ পৰা ডিমা হাছাওত মঠ-মন্দিৰ আৰু মছজিদৰ মাইকত নাম-কীৰ্তন আৰু আজানৰ প্ৰচাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এইক্ষেত্ৰত ফটোৱা জাৰি কৰিছে কোনো এক অজ্ঞাত দুৰ্বৃত্তৰ দলে ৷ কিন্তু কোন দুষ্টচক্ৰই এই ফতোৱা জাৰি কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷
লগতে চাওকঃ শিৱসাগৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ ড্ৰাগছ