ETV Bharat / state

ডিমা হাছাওত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন : ব্যাহত যান-বাহন চলাচল - ডিমা হাছাওত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

ডিমা হাছাও জিলাৰ জাতিংগা আৰু এন লেইকুল গাঁৱৰ সমীপত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত সোমবাৰ নিশাৰ পৰা ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । বিগত প্ৰায় ৯ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ভূমিস্খলনৰ সৃষ্টি হৈছে ।

erosion
ডিমা হাছাওত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন
author img

By

Published : Jun 8, 2021, 4:53 PM IST

ডিমা হাছাও, ৮ জুন: ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলন । জাতিংগা আৰু এন লেইকুল গাঁৱৰ সমীপত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত সোমবাৰৰ নিশাৰ পৰা ঘাইপথত যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে । বিগত প্ৰায় ৯ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ভূমিস্খলনৰ সৃষ্টি হৈছে ।

erosion
ডিমা হাছাওত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

জাতিংগা আৰু এন লেইকুলৰ মাজত ডাঙৰ শিল আৰু নেটৰ জৰিয়তে পাহাৰৰ পৰা মাটি নামি অহা বন্ধ কৰাৰ চেষ্টা চলাইছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিন্তু বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীয়ে পাহাৰৰ মাটি সম্পূৰ্ণ খহাই লৈ যোৱাৰ পাচতে ভয়ংকৰ হৈ উঠে ঘাইপথৰ সেই অংশ ।

যিকোনো মুহূৰ্তত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেই অংশ বন্ধ হোৱাৰ উপক্ৰম হৈছে । ভূমিস্খলনৰ ফলত ঘাইপথটোৰ পৰিসৰ সৰু হৈ পৰিছে যাৰ বাবে বহু বাহন, মালবাহী ট্ৰাক বহু সময় ধৰি ৰৈ থাকিবলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ।

উল্লেখ্য যে, ঘাইপথটো পুনৰ কেতিয়ালৈ যাতায়তৰ সুচল হ'ব তাকলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য দিয়া নাই । বৰ্তমানেও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ৫৪ নং ঘাইপথৰ সেই অংশৰে যান-বাহন চলাচল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.