ETV Bharat / state

আজিলৈকে প্ৰাদেশীকৰণ নহ’ল 31 বছৰীয়া জাতিংগা হাইস্কুল

ডিমা হাছাও জিলাৰ জাতিংগা হাইস্কুল (Jatinga High School) বৰ্তমানো অপ্ৰাদেশীকৃত অৱস্থাত ৷ 31 বছৰ পুৰণি এই বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগ (Education Department)য়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ শিক্ষকসকলে ৷

author img

By

Published : Jul 7, 2021, 10:45 PM IST

jatinga high school not provincialization
অপ্ৰাদেশীকৃত জাতিংগা হাইস্কুল

ডিমা হাছাও, 7 জুলাই : ৰাজ্যৰ শিক্ষা বিভাগৰ সদিচ্ছাৰ অভাৱত আজি পৰ্যন্ত প্ৰাদেশীকৰণ হোৱা নাই 31 বছৰ পুৰণি ডিমা হাছাও জিলাৰ জাতিংগা হাইস্কুল (Jatinga High School) ৷ 1990 চনত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ জাতিংগাত স্থাপিত হৈছিল জাতিংগা হাইস্কুল ৷ হাফলঙৰ পৰা 9 কিলোমিটাৰ নিলগত অৱস্থিত জাতিংগা হাইস্কুলখন প্ৰাদেশীকৰণৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ (North Cachar Hill Autonomous Council)ৰ পৰা প্ৰতিবছৰে প্ৰস্তাৱ পঠোৱা হয় ৷ কিন্তু আজিলৈকে ৰাজ্যৰ শিক্ষা বিভাগ (Education Department)য়ে বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

2002 চনত কংগ্ৰেছ চৰকাৰৰ সময়ত ডিমা হাছাও জিলাৰ মুঠ 8 খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হৈছিল ৷ কিন্তু বিগত 20 বছৰ ধৰি জিলাখনৰ অপ্ৰাদেশীকৃত কোনো বিদ্যালয় প্ৰাদেশীকৰণ হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাৰ 27 খন হাইস্কুলৰ 200ৰো বেছি শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে । ইফালে বিগত বৰ্ষত অসম চৰকাৰে ৰাজ্যৰ বহু কেইখন হাই আৰু এমই স্কুল প্ৰদেশীকৰণ কৰিলেও ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ এখনো বিদ্যালয়ৰ নাম প্ৰাদেশীকৰণৰ তালিকাত নাম সন্নিবিষ্ট কৰা হোৱা নাছিল ।

জাতিংগা হাইস্কুলত 2019-20 শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 100 শতাংশ হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফাৰনাই ডখাৰে । তেওঁ কয় যে, বৰ্তমানো জিলাখনৰ 27 খন হাইস্কুল প্ৰাদেশীকৰণ হোৱা নাই ৷ 2002 চনত জিলাখনৰ 5 খন হাইস্কুল আৰু 3 খন এমই স্কুল মিলি মুঠ 8 খন বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ পাচত বিগত 20 বছৰে ৰাজ্যৰ শিক্ষা বিভাগে ডিমা হাছাও জিলাৰ এখনো বিদ্যালয় প্ৰাদেশীকৰণ কৰা নাই, যাৰ বাবে জিলাখনৰ অপ্ৰাদেশীকৃত 27 খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যৎ অনিশ্চিত বুলি মন্তব্য কৰে জাতিংগা হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে ।

অপ্ৰাদেশীকৃত জাতিংগা হাইস্কুল

লগতে তেওঁ অসমৰ পিছপৰা পাহাৰীয়া জিলাৰ শিক্ষা ব্যৱস্থা আৰু জাতিংগা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত হাইস্কুলখনৰ প্ৰাদেশীকৰণৰ বাবে অসম চৰকাৰে অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । অন্যহাতে, এই বিদ্যালয়খনৰ বিজ্ঞান বিষয়ৰ শিক্ষক প্ৰকাশ টামাঙে কয় যে, তেওঁ এই বিদ্যালয়খনত বিগত 31 বছৰৰ পৰা শিক্ষকতা কৰি আহিছে আৰু তিনি বছৰৰ অন্তত তেওঁ অৱসৰ গ্ৰহণ কৰিব ৷ এই অৱস্থাত তেওঁৰ ভৱিষ্যত কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছে বিজ্ঞান শিক্ষকগৰাকী ।

লগতে পঢ়ক : জীয়ৰী হত্যাৰ পিছত আত্মহত্যা পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.