ETV Bharat / state

Illegal Burmese supari burnt: 1627 কেজি বাৰ্মিজ চুপাৰি দাহ ডিমা হাছাও আৰক্ষীৰ - বাৰ্মিজ চুপাৰি জব্দ

জাতিংগাত 1627 কেজি বাৰ্মিজ চুপাৰি দাহ কৰে ডিমা হাছাও আৰক্ষীয়ে ৷ জিলাখনত বিভিন্ন সময়ে সময়ে অভিযান চলাই এই চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিখিনি আৰক্ষীয়ে জব্দ কৰিছিল ৷

Illegal Burmese supari burnt
1627 কেজি বাৰ্মিজ চুপাৰি দাহ ডিমা হাছাও আৰক্ষীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:47 PM IST

1627 কেজি বাৰ্মিজ চুপাৰি দাহ ডিমা হাছাও আৰক্ষীৰ

হাফলং, 12 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত আৰক্ষীৰ অভিযানত জব্দ হোৱা অবৈধ বাৰমিজ চুপাৰি দাহ কৰে ডিমা হাছাও আৰক্ষীয়ে। সোমবাৰে হাফলঙৰ জাতিংগা পেট্ৰ’ল পোষ্টৰ অধীনত ডিমা হাছাও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা জব্দ কৰা বাৰ্মিজ চুপাৰি জ্বলাই দিয়ে। দণ্ডাধীশ আৰু উপ-আৰক্ষী অধীক্ষক নিলোৎপল ডেকাৰ উপস্থিতিত সোমবাৰে জাতিংগাত বুজন পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি জ্বলাই দিয়ে আৰক্ষীয়ে।

ডিমা হাছাও জিলাৰ মাজেদি যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিভিন্ন সময়ে সময়ে চোৰাংভাৱে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলোৱা একাংশই কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷ মিজোৰামৰ পৰা কাছাৰ হৈ ডিমা হাছাও জিলাৰ মাজেদি চোৰাংভাৱে বাৰ্মিজ চুপাৰি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি আহিছিল বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলোৱা একাংশ সৰবৰাহকাৰীয়ে ৷ তাৰ পিচৰেপৰাই ডিমা হাছাও আৰক্ষীয়ে চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জদ্ব কৰিছিল ৷

উপ-আৰক্ষী অধীক্ষক নিলোৎপল ডেকাই জানিবলৈ দিয়া অনুসৰি আদালতৰ নিৰ্দেশ মৰ্মে সোমবাৰে জাতিংগাত 1627 কেজি বাৰ্মিজ চুপাৰি জ্বলাই সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হয়। ডিমা হাছাও জিলাত বিভিন্ন সময়ে সময়ে অভিযান চলাই এই চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিখিনি আৰক্ষীয়ে জব্দ কৰিছিল ৷ আগলৈও ডিমা হাছাও জিলাত চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলি থাকিব ৷

উল্লেখ্যে যে, যোৱা 4 আগষ্টত হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত হাৰেংগাজাওত প্ৰায় 20 লাখ টকাৰ চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি দাহ কৰিছিল ডিমা হাছাও আৰক্ষীয়ে। ইয়াৰ সমান্তৰালকৈ সোমবাৰেও কাৰ্বি আংলং জিলাৰ ডিফুত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি দাহ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: Illegal Burmese supari burnt: ডিফুত 19,945 কেজি বাৰ্মিজ চুপাৰি দাহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.