ডিমা হাচাও, 6 জুনঃ শনিবাৰে ডিমা হাচাও জিলাত নতুনকৈ 12 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19। আক্ৰান্ত হোৱা আটাই কেইগৰাকী লোক বহিঃ ৰাজ্যৰ পৰা উভতি আহি কোৱাৰেণ্টাইন হৈ আছিল ।
সন্ধিয়া ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে অসমত 73 গৰাকী লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনাই । তাৰে ভিতৰত 12 গৰাকী লোক ডিমা হাচাও জিলাৰ বাসিন্দা ।
ডিমা হাচাওত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 84 গৰাকীলৈ । তাৰে ভিতৰত সুস্থ হৈ ঘৰলৈ উভতিছে 7 গৰাকী লোক, বাকী 76 গৰাকী আক্ৰান্ত চিকিৎসাধীন হৈ আছে হাফলং অসামৰিক চিকিৎসালয়ত আৰু এগৰাকী চিকিৎসাধীন হৈ আছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ।
লগতে চাওকঃ ৯০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ শিৱাণীৰ ঘৰত কান্দোনৰ ৰোল